• Home
  • »
  • News
  • »
  • assam
  • »
  • বিষপানীত জীৱনৰ সঞ্জীৱনী! হাজাৰ হাজাৰ পদুমৰ পাহীৰে বিষপানীত পাতিছে সৌন্দৰ্য্যৰ মেলা ৷

বিষপানীত জীৱনৰ সঞ্জীৱনী! হাজাৰ হাজাৰ পদুমৰ পাহীৰে বিষপানীত পাতিছে সৌন্দৰ্য্যৰ মেলা ৷

বঙাইগাঁৱৰ পৰাগাঁৱৰ বিষপানী বিলত ফুলি উঠিছে অসংখ্য পদুম ফুল। প্ৰায় ত্ৰিশ বিঘা ভূমিত বিয়পি থকা বিলখনত পদুমৰ মেলা বহিছে।

বঙাইগাঁৱৰ পৰাগাঁৱৰ বিষপানী বিলত ফুলি উঠিছে অসংখ্য পদুম ফুল। প্ৰায় ত্ৰিশ বিঘা ভূমিত বিয়পি থকা বিলখনত পদুমৰ মেলা বহিছে।

বঙাইগাঁৱৰ পৰাগাঁৱৰ বিষপানী বিলত ফুলি উঠিছে অসংখ্য পদুম ফুল। প্ৰায় ত্ৰিশ বিঘা ভূমিত বিয়পি থকা বিলখনত পদুমৰ মেলা বহিছে।

  • Share this:
কোৰোণা মহামাৰীৰ ভয়াৱহতা, লকডাউন আদিৰ মাজতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ৷ হাজাৰ হাজাৰ পদুমেৰে ভৰি পৰিছে এখন বিল ৷ বিলখনৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্য্যই এতিয়া আকৰ্ষিত কৰিছে সৌন্দৰ্য্যপীপাষুসকলক।

এয়া বঙাইগাঁৱৰ নিকটৱৰ্তী পোপৰাগাঁৱৰ বিষপানী বিলৰ দৃশ্য ৷ বিলখনত ফুলি উঠা অসংখ্য পদুম ফুলে সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ প্ৰায় ত্ৰিশ বিঘা ভূমিত বিয়পি থকা বিলখনৰ চাৰিওফালে পদুম ফুলে ভৰি পৰিছে ৷ পদুমৰ সুবাস লোৱাৰ বাবে বিলৰ পাৰত বহু  লোক উপস্থিত হয় ৷

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পূজা -পাৰ্বনত বিশেষভাৱে ব্যৱহৃত এই পদুম ফুল এইদৰে উভৈনদী হৈ পৰাৰ ফলত বিলখনৰ জলৰাশি অতিকে পৱিত্ৰ বুলি একাংশই ক'ব বিচাৰিছে ৷ কোৰোণা মহামাৰীৰ বাবে চৌদিশে সৃষ্টি হোৱা ভয় শংকাৰ মাজতে বহু লোকে পদুম ফুলৰ সৌন্দৰ্য্য উপভোগ কৰি মানসিক সন্তুষ্টি লভা পৰিলক্ষিত হৈছে ৷

চালে চকু ৰোৱা এই নান্দনিক দৃশ্য বহুতে মোবাইল নতুবা কেমেৰাত বন্দি কৰি ৰখাৰো চেষ্টা কৰিছে ৷ বিলখন সংৰক্ষণৰ লগতে ৰাইজক আকৰ্ষিত কৰিব পৰা ধৰণে সৌন্দৰ্য্যবৰ্দ্ধনৰ ব্যৱস্থা ল'বলৈ চৰকাৰ-প্ৰশাসনক স্থানীয় ৰাইজে দাবী জনাইছে ৷
Published by:Manjumoni Borah
First published: