• Home
  • »
  • News
  • »
  • assam
  • »
  • পূজাৰ বতৰতে ছীল হ'ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট, ভংগ কৰিছিল কোভিড নীতি 

পূজাৰ বতৰতে ছীল হ'ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট, ভংগ কৰিছিল কোভিড নীতি 

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ'ল শ্বপিং মলখন৷

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ'ল শ্বপিং মলখন৷

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ'ল শ্বপিং মলখন৷

  • Share this:
ছীল হ'ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট৷ সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰিলে বিশালৰ বিশ্বনাথ চাৰিআলিৰ বিপণী৷ দিনৰ ভাগত অত্যধিক ভিৰ হোৱা বিশাল মাৰ্কেট বন্ধ কৰি তলা লগাই দিছিল আৰক্ষীয়ে৷ কোভিড প্ৰটকল নমনাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক কাম–কাজ চলাই থকাৰ সময়তে আৰক্ষীয়ে আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন৷

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ'ল শ্বপিং মলখন৷ ইফালে গ্ৰাহকৰ লগতে বিশাল মাৰ্টৰ একাংশ কৰ্মচাৰীয়েও মাস্ক পৰিধান নকৰাৰ অভিযোগ উঠিছে৷ আনহাতে, নিশাৰ ভাগত জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈকে ছীল কৰা হ'ল বিশাল মেগা মাৰ্ট৷

ইফালে পূজাৰ বতৰত কঠোৰ হৈছে আৰক্ষী৷ প্ৰতিখন দোকান-শ্ব’পিং মলত চোকা নজৰ ৰাখিছে আৰক্ষীয়ে৷ হেলমেট পৰিধান নকৰাসকলৰ পৰা সংগ্ৰহ কৰিছে জৰিমনা৷ মাস্ক পৰিধান নকৰি পুজা চাবলৈ অহা লোককো বিহিছে জৰিমনা৷
Published by:Sanjay Kumar Das
First published: