গ্ৰামাঞ্চলত বহু ঠাইত দেখা যায় ফিল্টাৰৰ টেপ নাথাকে। বহুতেই টেপৰ ঠাইত কাঠৰ ঠিলা ব্যৱহাৰ কৰে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত বহুতেই এক সহজ বিকল্প বাচাৰি পাব। গ্ৰামাঞ্চলত বহু ঠাইত দেখা যায় ফিল্টাৰৰ টেপ নাথাকে। বহুতেই টেপৰ ঠাইত কাঠৰ ঠিলা ব্যৱহাৰ কৰে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত বহুতেই এক সহজ বিকল্প বাচাৰি পাব। ভাৰতত জুগাড় ভিডিঅ' প্ৰায়েই ভাইৰেল হৈ থাকে। সৰু সৰু বস্তু, পেলনীয়া বস্তুৰে মানুবোৰে নানান জৰুৰী কাম কৰে। অদৰকাৰী বস্তুৰে সাজি লয় দৰকাৰী বস্তু। যিবোৰ বুদ্ধি সাধাৰণ মানুহৰ মগজুত নেখেলায় তেনেবোৰ কথা-কাণ্ডৰে এইসকল জুগাড় (Jugaad) গুৰুৱে সকলোকে চমকিত কৰি তোলে।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ' মানুহে পছন্দ কৰিছে। ভিডিঅ'টো এইখন অসমৰে। সবিশেষ জনাৰ আগতে আপুনি এবাৰ ভিডিঅ'টো চাই লওকচোন...
জয়ন্ত দাস নামৰ এজন লোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো। ভিডিঅ'টোত দেখা গৈছে যে এটা কংক্ৰিটৰ ফিল্টাৰত টেপৰ বাবে এগৰাকী মহিলাই ব্যৱহাৰ কৰিছে পেলনীয়া টুথপেষ্টৰ টিউব। এই ব্যৱস্থাটো কিমান সহজ আৰু উপযোগী দেখিলেই বুজিব পাৰি।
গ্ৰামাঞ্চলত বহু ঠাইত দেখা যায় ফিল্টাৰৰ টেপ নাথাকে। বহুতেই টেপৰ ঠাইত কাঠৰ ঠিলা ব্যৱহাৰ কৰে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত বহুতেই এক সহজ বিকল্প বাচাৰি পাব।
Published by: Manjumoni Borah
First published: March 22, 2022, 20:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|