সংগীত পৰিৱেশন কৰি থাকোঁতে দেশৰ জনপ্ৰয়ি গায়ক বাদশাহলৈ লক্ষ্য কৰি দলিয়াই দিয়া হৈছিল টকাৰ নোট। কিন্তু টকা দিওঁতালৈ লক্ষ্য কৰি বাদশাহে দিলে উচিত জবাব। এই ঘটনা অসমৰ ডিমা হাছাও জিলাৰ।
যোৱা ১৫ৰ পৰা ১৭ ডিচেম্বৰ তাৰিখলৈকে ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী বুলি খ্যাত উমৰাংছুত অনুষ্ঠিত হৈছিল অষ্টম ফেলকন ফেষ্টিভেল। এই ফেষ্টিভেলতে ঘটা ঘটনাটো সম্প্ৰতি ভিডিঅ'ৰ ৰূপত ভাইৰেল হৈছে।
ফেলকন ফেষ্টিভেলত প্ৰথম দিনা সংগীত পৰিৱেশন কৰে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী তুলসী কুমাৰে। ইয়াৰ পিছদিনা আছিল আৰমান মালিকৰ অনুষ্ঠান। অন্তিম দিনা বাদশাৰ। ইয়াৰ উপৰি দেশী-বিদেশী বেণ্ডেও ভাগ লৈছিল। তিনিদিনীয়া ফেলকন ফেষ্টিভেলৰ অন্তিম দিনা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বাদশাহে সংগীত পৰিৱেশন কৰি থাকোঁতে দৰ্শকৰ আসনৰ ফালৰ পৰা এগৰাকী ব্যক্তিয়ে টকা দলিয়াই দিছিল।
কিন্তু এয়া সহজে ল'ব পৰা নাছিল শিল্পীগৰাকীয়ে। তেওঁ এনে টকা দলিয়াই নিদিবলৈ অনুৰোধ কৰিছিল। গীত পৰিৱেশন বন্ধ কৰিছিল আৰু দৰ্শকৰ আসনত থকা ব্যক্তিগৰাকীক টকা ওভতাই দিয়াৰ উপৰি কৈছিল- '' মেৰা পাছ ভি পইচা হ্যায়। বহুত জ্যাদা পইচা হ্যায়, পইচা কো ইজ্জত কৰনা শিখো।" বাদশাহে পিছত সংগীত পৰিৱেশনত লাগি যায় যদিও এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰাল হৈ পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।