গাৰ্লফ্ৰেণ্ডৰ চিন্তাত কান্দোনত ভাগি পৰা এটি শিশু, চৰ্চিত ভাইৰেল ভিডিওক লৈ মনোৰোগ বিশেষজ্ঞৰ কি মত?

News18 Assam | News18-Assam
Updated:September 15, 2020, 5:11 PM IST
গাৰ্লফ্ৰেণ্ডৰ চিন্তাত কান্দোনত ভাগি পৰা এটি শিশু, চৰ্চিত ভাইৰেল ভিডিওক লৈ মনোৰোগ বিশেষজ্ঞৰ কি মত?
ড০ দত্তই কয় যে লকডাউনৰ সময়ছোৱাত কিশোৰ–কিশোৰীসকলৰ মন–মগজুৰ সঠিক বিকাশ হ’ব পৰা নাই। তেওঁলোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে।

ড০ দত্তই কয় যে লকডাউনৰ সময়ছোৱাত কিশোৰ–কিশোৰীসকলৰ মন–মগজুৰ সঠিক বিকাশ হ’ব পৰা নাই। তেওঁলোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে।

  • News18 Assam
  • Last Updated: September 15, 2020, 5:11 PM IST
  • Share this:
সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ’। ভিডিঅ’টোত এটি শিশুৱে নিজৰ গাৰ্লফ্ৰেণ্ডৰ চিন্তাত কান্দোনত ভাগি পৰা দেখা গৈছে। ভিডিঅ’টোত শিশুটিয়ে কান্দি কান্দি কৈছে যে কোনোৱে তেওঁক পছন্দ নকৰে। যদি কোনেও পছন্দ নকৰে তেন্তে কেনেকৈ বিয়া পাতিব, কেনেকৈ ‘পাপা’ হ’ব – সেইবোৰ চিন্তা প্ৰকাশ কৰিছে শিশুটিয়ে। কিন্তু ইমান কম বয়সতে এইবোৰ চিন্তা আহিল কেনেকৈ শিশুটিৰ? যিবোৰ চিন্তা সাধাৰণতে তেনে বয়সৰ ল’ৰা–ছোৱালীয়ে নকৰে। এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ড০ সংগীতা দত্তই প্ৰকাশ কৰিছে এটা ভিডিঅ’। শিশুটিৰ ভিডিঅ’ৰ লগতে একেলগে ড০ দত্তই শ্বেয়াৰ কৰিছে তেওঁৰ ভিডিঅ’টো।

ড০ সংগীতা দত্তই কয় যে শিশু এটিৰ বয়সৰ এই সন্ধিক্ষণত হৰমনৰ পৰিৱৰ্তন ঘটে। এই হৰমনৰ পৰিৱৰ্তনৰ ফলত কিশোৰ–কিশোৰীৰ মনত এক আকৰ্ষণৰ সৃষ্টি হয় আৰু কেতিয়াবা কেতিয়াবা আমি তাকেই প্ৰেম বুলি ভুল কৰো।

কোভিড–১৯ৰ সময়ত কিশোৰ–কিশোৰীসকল যিহেতু ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে, তেওঁলোকে ইণ্টাৰনেট যোগে নানা ধৰণৰ ভিডিঅ’ চাইছে, নানা ধৰণৰ তথ্য তেওঁলোকৰ হাতত আহি পৰিছে। এই বয়সত যিহেতু মানসিক পৰিপক্কতাৰ অভাৱ হয়, গতিকে তেওঁলোকে যি দেখে তাকেই সত্য বুলি মানি লয়। এয়া এক চিন্তাৰ বিষয়, যদিহে এনে অৱস্থাত মানসিক চিকিৎসা নকৰে তেন্তে তেওঁ ভৱিষ্যতে হতাশ হ’ব পাৰে। এইদৰে কয় মনোৰোগ বিশেষজ্ঞগৰাকীয়ে।


ড০ দত্তই কয় যে লকডাউনৰ সময়ছোৱাত কিশোৰ–কিশোৰীসকলৰ মন–মগজুৰ সঠিক বিকাশ হ’ব পৰা নাই। তেওঁলোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। গতিকে অভিভাৱকসকলে তেওঁলোকক তেওঁলোকৰ যি হবি আছে তাৰ সৈতে ব্যস্ত কৰাব লাগে। তদুপৰি, শাৰীৰিক ব্যায়াম, মানসিক ব্যায়াম, পুষ্টিকৰ খাদ্য খোৱা, মাক–দেউতাকৰ সৈতে সময় কটোৱা আদি কাৰ্যত গুৰুত্ব দিব লাগে যাতে তেওঁলোক অত্যধিক সময় ইউটিউব ভিডিঅ’ বা তেনেধৰণৰ কামত দিব নোৱাৰে।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 5:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading