বিহুতলীত টাকুৰি ঘূৰাদি ঘূৰি প্ৰশংসা বুটলা কোন এইগৰাকী বিহুৱতী?

এটা বিশেষ ভিডিঅ’। টাকুৰি ঘূৰাদি নাচিছে এগৰাকী বিহুৱতীয়ে। ৰঙালী বিহুৰ বতৰত ফেচবুকৰ ৱালৰ পৰা ৱাললৈ বাগৰিছে বিহুৱতীগৰাকীৰ এই অপূৰ্ব প্ৰদৰ্শনৰ ভিডিঅ’টো। তৰিৎ গতিৰে ধুমুহাৰ দৰে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বিহুৱতীগৰাকীয়ে বুটলিছে ৰাইজৰ অপাৰ প্ৰশংসা।

news18assam
Updated:April 22, 2019, 1:08 PM IST
বিহুতলীত টাকুৰি ঘূৰাদি ঘূৰি প্ৰশংসা বুটলা কোন এইগৰাকী বিহুৱতী?
এটা বিশেষ ভিডিঅ’। টাকুৰি ঘূৰাদি নাচিছে এগৰাকী বিহুৱতীয়ে। ৰঙালী বিহুৰ বতৰত ফেচবুকৰ ৱালৰ পৰা ৱাললৈ বাগৰিছে বিহুৱতীগৰাকীৰ এই অপূৰ্ব প্ৰদৰ্শনৰ ভিডিঅ’টো। তৰিৎ গতিৰে ধুমুহাৰ দৰে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বিহুৱতীগৰাকীয়ে বুটলিছে ৰাইজৰ অপাৰ প্ৰশংসা।
news18assam
Updated: April 22, 2019, 1:08 PM IST
এটা বিশেষ ভিডিঅ’। টাকুৰি ঘূৰাদি নাচিছে এগৰাকী বিহুৱতীয়ে। ৰঙালী বিহুৰ বতৰত ফেচবুকৰ ৱালৰ পৰা ৱাললৈ বাগৰিছে বিহুৱতীগৰাকীৰ এই অপূৰ্ব প্ৰদৰ্শনৰ ভিডিঅ’টো। তৰিৎ গতিৰে ধুমুহাৰ দৰে মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে বিহুৱতীগৰাকীয়ে বুটলিছে ৰাইজৰ অপাৰ প্ৰশংসা। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো।

মানুহে এনেকৈও ঘূৰিব পাৰেনে– প্ৰশ্ন বহুতৰ। কোনোবাই অবিশ্বাসো কৰিছে ভিডিঅ’টো সম্পাদনা কৰা ভিডিঅ’ বুলি। ইয়াৰ মাজতে বেছিভাগেই সুধিছে বিহুৱতীগৰাকীৰ পৰিচয়। এনে প্ৰতিভা ক’তো কিয় দেখা নাই বুলি আক্ষেপ একাংশৰ।



ৰাইজৰ মাজত কৌতুহল আৰু সমাদৰৰ কেন্দ্ৰবিন্দু হৈ পৰা এই বিহুৱতীগৰাকীৰ নাম মৌনিতা বৰা। সাংস্কৃতিক গোষ্ঠী তেজপুৰীয়া থেছপিয়ানৰ সদস্য মৌনিতা বৰা। নিজৰ একক আৰু অনন্য প্ৰদৰ্শনেৰে অসম আৰু অসমৰ বাহিৰত ৰাইজৰ ভূয়সী প্ৰশংসা বুটলা তেজপুৰীয়া থেছপিয়ানৰ প্ৰদৰ্শন বহুতেই হয়তু উপভোগ কৰিছে। NEWS18 অসম NORTH EAST চেনেলত বহু পূৰ্বে তেজপুৰীয়া থেছপিয়ানৰ অনন্য প্ৰদৰ্শন আমি তুলি ধৰিছিলো।



এই গোটৰে সদস্য বিহুৱতী আৰু অভিনেত্ৰী মৌনিতা বৰাই এইবাৰ ৰাইজৰ মৰম বুটলিলে নিজৰ প্ৰতিভাৰে। শুনি হয়তু আচহুৱা লাগিব যে বিগত বছৰত এইগৰাকী বিহুৱতীয়ে এইটো সাংস্কৃতিক গোষ্ঠীৰ বাবেই কৰা এক বিশেষ প্ৰদৰ্শন ছচিয়েল মিডিয়াত একাংশৰ সমালোচনাৰ বিষয় হৈছিল। মুগাৰ সাজত এজন বিহুৱাক কান্ধত উঠাই সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ বাবে মৌনিতাক ম’ৰেল পুলিচগিৰি কৰা হৈছিল। সেয়া বিহু নাছিল, বিহুৰ সাজত অসমৰ থলুৱা সাংস্কৃতিক অনুষ্ঠানহে আছিল।

এই বিষয়ত স্পষ্টীকৰণো দিছিল সাংস্কৃতিক গোষ্ঠীটোৱে। যিকি নহওক অসমৰ থলুৱা কৃষ্টি–সংস্কৃতিক লৈ সম্পৰীক্ষা চলোৱা সাংস্কৃতিক গোষ্ঠীটোৰ এইগৰাকী সদস্যাই নিজৰ প্ৰতিভা আৰু প্ৰদৰ্শনেৰে ৰাইজৰ নয়নৰ মণি হৈ পৰিছে। একাগ্ৰতা আৰু নিষ্ঠা থাকিলে হয়তু পৃথিৱীৰ প্ৰত্যেক কথাই সম্ভৱ।
আৰু চাওক পৰৱৰ্তী বাতৰি