உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Viral Video: প্ৰকাণ্ড ৰজা ফেঁটীৰে খেলি থাকোঁতে মৃত্যুমুখত পৰিল কাছাৰ জিলাৰ লোক, চাওক ভিডিঅ'

    Viral Video: প্ৰকাণ্ড ৰজা ফেঁটীৰে খেলি থাকোঁতে মৃত্যুমুখত পৰিল কাছাৰ জিলাৰ লোক, চাওক ভিডিঅ'

    ধাননি পথাৰত কাম কৰি থাকোঁতে সাপডাল ধৰি আনি দেখুৱাই ফুৰিছিল গাঁওবাসীক।

    ধাননি পথাৰত কাম কৰি থাকোঁতে সাপডাল ধৰি আনি দেখুৱাই ফুৰিছিল গাঁওবাসীক।

    ধাননি পথাৰত কাম কৰি থাকোঁতে সাপডাল ধৰি আনি দেখুৱাই ফুৰিছিল গাঁওবাসীক।

    • Share this:

    ফেঁটী সাপৰ সৈতে খেলিবলৈ গৈ মৃত্যুমুখত পৰিল এগৰাকী লোক। বুধবাৰে কাছাৰ জিলাৰ বিষ্ণুপুৰ গাঁৱত এডাল প্ৰকাণ্ড ৰজা ফেঁটী (King Cobra) সাপ ধৰি গাঁওখনত দেখুৱাই ফুৰা অৱস্থাত ফেঁটী সাপৰ কামোৰ খাই মৃত্যুমুখত পৰে লোকগৰাকী।


    তেওঁ ৬০ বছৰীয়া ৰঘুনন্দন ভূমিজ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনা গাঁওখনৰ স্থানীয় লোকে তেওঁলোকৰ মোবাইল ফোনত ৰেকৰ্ড কৰিছিল। ভিডিঅ'টোত দেখা গৈছিল লোকজনে তেওঁৰ ডিঙিত ৰজা ফেঁটী সাপডাল মেৰিয়াই লৈ আছে।


     

    ওচৰৰ ধাননি পথাৰত কাম কৰি থাকোঁতে সাপডাল ধৰি আনিছিল লোকগৰাকীয়ে। প্ৰতিবেদন অনুসৰি, ভূমিজে সাপডাল লৈ গাঁওৰ লোকসকলক দেখুৱাই থাকোঁতে কোনো অসতৰ্ক মুহূৰ্তত তেওঁক কামোৰে। লোকজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। পিছত স্থানীয় বন বিষয়াসকলৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু সাপডাল উদ্ধাৰ কৰে।

    Published by:Gautam Barman
    First published: