পাণ–গুটখাৰ পিকেৰে কদৰ্য নতুনকৈ মুকলি হোৱা শৰাইঘাট দলং, ছচিয়েল মিডিয়াত চৰ্চা

নিজৰ দায়িত্ববোধ কেতিয়া বুজিব সততে প্ৰতিটো বিষয়ত চৰকাৰক প্ৰশ্ন কৰি দোষাৰোপ কৰা ‘সাধাৰণ ৰাইজে’?

News18-Assam
Updated:June 28, 2019, 5:55 PM IST
পাণ–গুটখাৰ পিকেৰে কদৰ্য নতুনকৈ মুকলি হোৱা শৰাইঘাট দলং, ছচিয়েল মিডিয়াত চৰ্চা
নিজৰ দায়িত্ববোধ কেতিয়া বুজিব সততে প্ৰতিটো বিষয়ত চৰকাৰক প্ৰশ্ন কৰি দোষাৰোপ কৰা ‘সাধাৰণ ৰাইজে’?
News18-Assam
Updated: June 28, 2019, 5:55 PM IST
ছচিয়েল মিডিয়াত শেহতীয়াকৈ চৰ্চিত হৈ পৰিছে এক বিশেষ ফটো পষ্ট। চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এই ফটো পষ্টত শৰাইঘাট দলঙৰ কদৰ্য ৰূপ আৰু মানুহৰ চিভিক চেন্সৰ অভাৱক তুলি ধৰা হৈছে। উল্লেখযোগ্য যে মাহজোৰা পৰিশ্ৰমৰ অন্তত কিছুদিন আগেয়ে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল শৰাইঘাটৰ দলংখন। এই দলংখন এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ মূল বিষয় হৈ পৰিছে । নতুনকৈ মেৰামতি কৰা দলঙখনত ৰঙৰ গোন্ধ নৌযাওতেই এতিয়া চাৰিওফালে বিয়পি পৰিছে ৰজনীগন্ধা, শিখৰ আদিৰ পিক।

এই বিষয়টোকলৈ বৃহস্পতিবাৰে সন্ধিয়া অসম চৰকাৰৰ জনতাৰ চৰকাৰ নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এই মেইলাৰ টুইট কৰাৰ পাছত এতিয়া বিষয়টো ৰাইজৰ মাজত অতি চৰ্চাৰ বিষয় হৈ পৰিছে।



জনতাৰ মাজত দায়িত্ববোধ আনিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উদ্যোগক ৰাইজে শ্বেয়াৰ ঠিকেই কৰিছে পিছে বাস্তৱ ক্ষেত্ৰত কিমান সংখ্যকে এই আহ্বানৰ গুৰুত্ব বুজিব পাৰে সেয়াহে লক্ষ্যণীয় হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি