• Home
  • »
  • News
  • »
  • assam
  • »
  • Philobari Teacher Case : শোকত ভাগি পৰিছে ফিল'বাৰীৰ ভূক্তভোগী শিক্ষয়িত্ৰী, ৰাজপথত সাষ্টাংগে ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছত আবেগিক মন্তব্য

Philobari Teacher Case : শোকত ভাগি পৰিছে ফিল'বাৰীৰ ভূক্তভোগী শিক্ষয়িত্ৰী, ৰাজপথত সাষ্টাংগে ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছত আবেগিক মন্তব্য

"ফিল'বাৰীৰ শৈক্ষিক সামাজিক পৰিবেশ ভাল হোৱাৰ লক্ষ্যৰেই ২৭ বছৰে মহাবিদ্যায়খনৰ সৈতে জড়িত হৈ আছোঁ। সেয়ে সেইদিনা হোৱা পৰিবেশৰ বাবে আবেগিক হৈ পৰিছিলোঁ। কিন্তু ছাত্ৰ সংগঠনৰ সদস্যসকলৰ বিৰুদ্ধে এজাহাৰ দিয়া নাই আৰু নিদিওঁ। ভূক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ মন্তব্য।

  • Share this:
যিসকল ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ সংগঠনৰ সদস্যৰ হেঁচাত আবেগিক হৈ তিনিচুকীয়াৰ ফিল'বাৰীৰ শিক্ষয়িত্ৰী নিৰদা বৰাই ৰাজপথত সাষ্টাংগে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈছিল  তেওঁ আজিও বিষয়টোক লৈ অতি আবেগিক হৈ আছে। নিজৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰৰ সন্মুখত ৰাজপথত সাষ্টাংগে ক্ষমা প্ৰাৰ্থনা কৰিবলগীয়া হোৱা এটা পৰিস্থিতিক লৈ তিনিচুকীয়া জিলা দণ্ডাধীশে তদন্তৰ ঘোষণা কৰাৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষয়িত্ৰী নিৰদা বৰাই।

গোটেই পৰস্থিতিটোক লৈ দুখ প্ৰকাশ কৰি নিৰদা বৰাই কয়, "মই মোৰ ছাত্ৰ-ছাত্ৰীসকলক কোনো দিন বেয়া পোৱা নাই, এই ঘটনাৰ বাবেও বেয়া পোৱা নাই। মই বিচাৰোঁ ছাত্ৰ-ছাত্ৰীসকলেও যাতে মোক বেয়া নাপায়। এটা সৰু নক'বলগীয়া শব্দ কৈছিলোঁ, তাৰ বাবেই পৰিস্থিতিটো এনে হ'ল। মই ক্ষমা বিচিৰিছিলোঁ, কিন্তু কেইজনমানে ক'লে যে ভালকৈ ক্ষমা খোজক...তেতিয়া মই ভালকৈ মানে সাষ্টাংগে বুলিয়েই ভাবি ললোঁ আৰু ৰাজপথত পৰি ক্ষমা মাগিলোঁ। সেই সময়ত মই যথেষ্ট আবেগিক হৈ পৰিছিলোঁ।"

আজি সংবাদমাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষয়িত্ৰীগৰাকীয়ে পুনৰ কয়, "ফিল'বাৰীৰ শৈক্ষিক সামাজিক পৰিবেশ ভাল হোৱাৰ লক্ষ্যৰেই ২৭ বছৰে মহাবিদ্যায়খনৰ সৈতে জড়িত হৈ আছোঁ। সেয়ে সেইদিনা হোৱা পৰিবেশৰ বাবে আবেগিক হৈ পৰিছিলোঁ। কিন্তু ছাত্ৰ সংগঠনৰ সদস্যসকলৰ বিৰুদ্ধে এজাহাৰ দিয়া নাই আৰু নিদিওঁ। প্ৰশাসনে নিজাববীয়াকৈ তদন্ত দিছে। মই বিচাৰোঁ ভগৱানে তেওঁলোকক সুমতি দিয়ক।"

উল্লেখ্য যে তদন্ত ঘোষণা কৰাৰ পিছতে আছু নেতৃত্বইও আজি শিক্ষয়িত্ৰগৰাকীৰ ঘৰলৈ গৈ আঁঠু লৈ ক্ষমা প্ৰাৰ্থনা কৰে। আছুৰ লগতে আন ছাত্ৰ সংগঠনৰ নেতাইয়ো শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ ক্ষমা প্ৰাৰ্থনা কৰে।

আনহাতে বিষয়টোক এক অবাঞ্ছনীয় পৰ্যায়লৈ লৈ যোৱা আৰু শিক্ষয়িত্ৰীগৰাকীক অপমান কৰাৰ বাবে ফল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি কৰ্ণ বৰগোহাঁইক আছুৰ পৰা বহিষ্কাৰ কৰা হয়।

উল্লেখ্য যে বিদ্যালয়ৰ মাছুল বৃদ্ধিক লৈ যোৱা ১১ আগষ্টত ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল আৰু আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু টিএমপিকেৰ সদস্য আহি কৰ্তৃপক্ষক মাছুল হ্ৰাস কৰিবলৈ দাবী জনাইছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি