অডিঅ’ ক্লিপটোত শুনা গৈছে মায়ং কলেজৰ অধ্যক্ষক নিজকে বেংগলী টাইগাৰ ফ’ৰ্চৰ চীফ এডভাইজাৰ বুলি দাবী কৰা লোকজনে সুধিছে, মায়ং কলেজত কোনো বঙালী ছাত্ৰক লাচিত সেনাই কাণত ধৰি উঠা–বহা কৰাইছে নেকি?
‘‘বঙালীক উত্পীড়ন চলালে অসম জ্বলিব। কোন লাচিত সেনা আছে অসমত চাই ল’ম। বঙালী ল’ৰাক মায়ং কলেজত পঢ়িবলৈ নিদিওঁ।’’ – সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা অডিঅ’ ক্লিপিঙত এই মন্তব্য কৰিছে নিজকে বেংগলী টাইগাৰ ফ’ৰ্চৰ চীফ এডভাইজাৰ বুলি দাবী কৰা এজন লোকে।
অডিঅ’ ক্লিপটোত শুনা গৈছে মায়ং কলেজৰ অধ্যক্ষক নিজকে বেংগলী টাইগাৰ ফ’ৰ্চৰ চীফ এডভাইজাৰ বুলি দাবী কৰা লোকজনে সুধিছে, মায়ং কলেজত কোনো বঙালী ছাত্ৰক লাচিত সেনাই কাণত ধৰি উঠা–বহা কৰাইছে নেকি? এই প্ৰশ্নত উত্তৰত অধ্যক্ষজনে কয়, কলেজত নহয়, কলেজৰ বাহিৰত হৈছে। ঘটনাটো ময়ো গম পাইছো।
অধ্যক্ষজনৰ উত্তৰ শুনিবলৈও প্ৰস্তুত নথকা লোকজনে কয়, ‘‘চাওক মোৰ ল’ৰাক সেইখন কলেজত এডমিশ্যন দিছো। কাইলৈ তাৰ লগতো যে তেনেকুৱা নহ’ব... ইয়াৰ উচিত তদন্ত হ’ব লাগে। মই বেংগলী টাইগাৰ ফ’ৰ্চৰ চীফ এডভাইজাৰে আপোনাক অনুৰোধ কৰিছো... ইয়াৰ তদন্ত হ’ব লাগে। নহ’লে কিন্তু অসমত জুই জ্বলিব। মোৰ ল’ৰাও এইখন কলেজত পঢ়ে। আমি বহুত সহ্য কৰিছো, আৰু সহ্য নহ’ব। আমি অসমৰ বাসিন্দা নহয় নেকি, আমি অসমৰ ভূমিপুত্ৰ নহয় নেকি? ইয়াৰ উচিত তদন্ত হ’ব লাগে, নহ’লে কিন্তু অল অসমত জুই জ্বলিব। বঙালী ল’ৰাক সেইখন কলেজত পঢ়িব নিদিওঁ, মই চেলেঞ্জ কৰিছো। আমাৰ গাৰ্জেনক মাতক আপোনালোকে, কোন লাচিত সেনা হয় আমি চাম। আপোনালোকক চেলেঞ্জ কৰিছো মই, কলেজৰ ছাত্ৰক লাচিত সেনাই কাণ ধৰাই উঠা–বহা কৰাব? কোন হয় লাচিত সেনা? দম আছে যদি আহক আমাৰ লগত মুখামুখি হ’বলৈ ক’ত অসমৰ লাচিত সেনা আছে। বঙালী ল’ৰা–ছোৱালী এটাও মায়ং কলেজত পঢ়িবলৈ নিদিওঁ। প্ৰাইভেট স্কুল খুলিম, দম আমাৰ আছেনে নাই চাওক।’’
লোকজনৰ এই কথাৰ মাজতে অধ্যক্ষজনেও কয় যে আমাৰ কলেজত ৬০ শতাংশই বঙালী ল’ৰা–ছোৱালী। সকলো মোৰে বাচ্চা। ইয়াক লৈ এখন তদন্ত কমিটী গঠনৰ কথাও কয় অধ্যক্ষজনে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|