প্ৰশংসনীয় পদক্ষেপ! এখন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ

News18 Assam | News18-Assam
Updated:May 29, 2020, 8:35 PM IST
প্ৰশংসনীয় পদক্ষেপ! এখন গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ
গাওঁবাসীয়ে প্ৰশাসনৰ সৈতে আলোচনা কৰি হোম কোৱাৰেণ্টাইনৰ বাবে অহা সকলক একেলগে ১৪ দিন ৰখাৰ বাবে নিৰ্মাণ কৰিছে গাঁও কোৱাৰেণ্টাইন চেণ্টাৰ৷

গাওঁবাসীয়ে প্ৰশাসনৰ সৈতে আলোচনা কৰি হোম কোৱাৰেণ্টাইনৰ বাবে অহা সকলক একেলগে ১৪ দিন ৰখাৰ বাবে নিৰ্মাণ কৰিছে গাঁও কোৱাৰেণ্টাইন চেণ্টাৰ৷

  • Share this:
কোৰোণাৰ ভয়াৱহতাৰ মাজতে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ঢেকীয়াজুলিৰ এখন বড়ো গাঁৱৰ ৰাইজে দেখুৱাইছে নিদৰ্শন৷ ঢেকীয়াজুলিৰ দৈমলুপুৰবাসীয়ে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লৈছে সমূহীয়া প্ৰচেষ্টা৷ গাঁওখনৰ লোকসকলে গাঁঠিৰ ধন ভাঙি নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰিছে গাঁও কোৱাৰেণ্টাইন চেণ্টাৰ৷ বাঁহেৰে এই কোৱাৰেণ্টাইন গৃহৰ লগতে বিছনাও নিৰ্মাণ কৰিছে লোকসকলে। কোৱাৰেণ্টাইন চেণ্টাৰটো পৰিচালনা কৰিব দৈমলুপুৰৰ জনজাতীয় বড়ো ৰাইজে৷

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা আহি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জ’নেল স্ক্ৰীণিং চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা অঞ্চলটোৰ যুৱকসকলক পৰ্যায়ক্ৰমে হোম কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰিব৷ কিন্তু দৈমলুপুৰৰ সজাগ–সচেতন ৰাইজ আৰু স্থানীয় এবছুৱে মিলি পদক্ষেপ লৈছে যে হোম কোৱাৰেণ্টাইনৰ বাবে অহাসকলক ঘৰত ৰখা নহয়, ৰখা হ’ব এই গাঁও কোৱাৰেণ্টাইন চেণ্টাৰত।

গাওঁবাসীয়ে প্ৰশাসনৰ সৈতে আলোচনা কৰি হোম কোৱাৰেণ্টাইনৰ বাবে অহা সকলক একেলগে ১৪ দিন ৰখাৰ বাবে নিৰ্মাণ কৰিছে গাঁও কোৱাৰেণ্টাইন চেণ্টাৰ৷ কোৱাৰেণ্টাইন হ’বলগীয়া সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবেও ব্যৱস্থা লৈছে গাঁওবাসীয়ে৷ যি সময়ত একাংশ লোকে নীতি–নিয়ম উলংঘা কৰিছে, সেই সময়ত এটা ভিতৰুৱা অঞ্চলৰ জনজাতীয় বড়ো ৰাইজে কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লোৱা সময়োপযোগী পদক্ষেপে এক আদৰ্শ দাঙি ধৰিছে৷
First published: May 29, 2020, 8:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading