বিজেপিক ভোট দিয়াই অপৰাধ! চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি বিধায়কে পোতক লোৱাৰ অভিযোগ গাওঁবাসীৰ

News18 Assam | News18-Assam
Updated:May 12, 2020, 1:03 PM IST
বিজেপিক ভোট দিয়াই অপৰাধ! চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি বিধায়কে পোতক লোৱাৰ অভিযোগ গাওঁবাসীৰ
কৰিমগঞ্জৰ এখন গাঁৱৰ হতভগীয়া ৰাইজে ক’লে দুৰ্দশাৰ কাহিনী।

কৰিমগঞ্জৰ এখন গাঁৱৰ হতভগীয়া ৰাইজে ক’লে দুৰ্দশাৰ কাহিনী।

  • Share this:
দেখাত অতি পিছপৰা কিন্তু কোনো জকাইচুকৰ গাঁও নহয়। কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ধলছড়া গাঁও পঞ্চায়তৰ অধীনত থকা উজান গাঁওখন কিন্তু অতি পিছপৰা হলেও কোনো প্ৰত্যন্ত এলাকাৰ গাঁও নহয়। জিলা সদৰ কৰিমগঞ্জৰ পৰা মাথৌ ২২ কিলোমিটাৰ নিলগত থকা এই গাঁৱখনত স্বাধীনতাৰ ৭৫ বছৰ পাছতো উন্নতিৰ কোনো চাপ নপৰিল। গাঁওখনত ৰাইজৰ ঘৰৰ অবস্থা দেখিলে চকু সেমেকিব প্ৰত্যেকৰে । গাঁৱৰ অধিকাংশ দুখীয়া ৰাইজে এতিয়ালৈকে পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ । গাঁৱখনত কেইটামান বিদ্যুতৰ খুঁটা থাকিলেও অধিকাংশ ঘৰত নাই বিদ্যুৎ সংযোগ, নাই খোৱাপানীৰ ব্যৱস্থা, পথাৰত থকা গাঁতৰ পৰাই দুখীয়া ৰাইজে সংগ্ৰহ কৰিবলগীয়া হয় খোৱাপানী। পোহনীয়া পশুধন আৰু মানুহে একেটা উৎসৰ পৰাই পানী খাবলগীয়া হৈছে। পথৰ অবস্থাও তথৈবচ । গাঁৱখন আকৌ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদৰ নিজা গাঁও পঞ্চায়ত, এই গাঁৱৰে ভোটাৰ তেওঁ। কিন্তু কংগ্ৰেছৰ শাসনকালত তিনিবাৰকৈ বিধায়ক তথা এবাৰৰ সংসদীয় সচিব, এবাৰ মন্ত্ৰী হোৱাৰ পিছতো এই গাঁওৰ ৰাইজক উন্নতিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে । আনকি বৰ্তমানৰ এআইইউডিএফ বিধায়ক আজিজ আহমদ খানেও গাঁৱখনক অবহেলাৰ দৃষ্টিৰে চোৱাৰ অভিযোগ । গাঁৱৰে এগৰাকী মহিলাৰ অভিযোগ, ‘বিদ্যুৎ, খোৱাপানী, পথবাটৰ সমস্যাৰ বাহিৰেও এই কঠিন মুহুৰ্তত ঘৰত এমুঠি অন্ন যোগাৰ কৰাও টান হৈছে। বিজেপিক ভোট দিয়াৰ বাৱে তেওঁলোকক অৱহেলা কৰা হৈছে আছে। আন এজনে জনায়, ‘বৰ্তমান সময়ত চৰকাৰে দুখীয়া ৰাইজৰ বাবে ৰেচন সামগ্ৰী সহ বিভিন্ন সা-সুবিধা প্ৰদান কৰি আছে । কিন্তু একমাত্ৰ বিজেপিক ভোট দিয়াৰ বাবেই তেওঁলোকক অৱহেলা কৰি আছে জিলা পৰিষদৰ সদস্যৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বিধায়কেও।’
First published: May 12, 2020, 1:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading