• Home
  • »
  • News
  • »
  • assam
  • »
  • হোম কোৱাৰেণ্টাইনত থকা পাঁচ যুৱকৰ লাগিছিল আমনি! গাওঁৰক্ষী বাহিনীয়ে কৰি দিলে বিশেষ ব্যৱস্থা

হোম কোৱাৰেণ্টাইনত থকা পাঁচ যুৱকৰ লাগিছিল আমনি! গাওঁৰক্ষী বাহিনীয়ে কৰি দিলে বিশেষ ব্যৱস্থা

চৰাইদেউ জিলাৰ সোণাৰিত গাঁওৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ

চৰাইদেউ জিলাৰ সোণাৰিত গাঁওৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ

চৰাইদেউ জিলাৰ সোণাৰিত গাঁওৰক্ষী বাহিনীৰ বিশেষ পদক্ষেপ

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰৰ এই পদক্ষেপত চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী তথা গাওঁৰক্ষী বাহিনীৰ লোকসকলেও সহযোগিতা আগবঢ়াইছে । ব্যতিক্ৰম নহয় চৰাইদেউ জিলা প্ৰশাসন ।

গুৱাহাটীৰ পৰা ঘৰলৈ উভতি অহা পাঁচ যুৱকক কোৱাৰেণ্টাইন কৰিবলৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে সোণাৰিৰ গোৱালাপথাৰ অঞ্চলৰ গাওঁৰক্ষী বাহিনীয়ে। জানিব পৰা মতে, গুৱাহাটীৰ এক প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত পাঁচজন যুৱক বৃহস্পতিবাৰে সন্ধিয়া আহি সোণাৰিত উপস্থিত হয়। নিয়ম অনুসৰি তেওঁলোক হোম কোৱাৰেণ্টাইন হ'ব লাগে যদিও ঘৰত আৱদ্ধ হৈ থাকিবলৈ অসুবিধা হোৱাত গোৱালাপথাৰ অঞ্চলৰ গাওঁৰক্ষী বাহিনীয়ে তেওঁলোকক ঘৰৰ ওচৰতে এটা শিবিৰ পাতি কোৱাৰেণ্টাইন কৰিবলৈ সিদ্ধান্ত লয়।

গাওঁৰক্ষী বাহিনীৰ এই প্ৰচেষ্টাক এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে। উল্লেখ্য যে, অসমৰ কোনো জিলাৰ পৰা আহিলে চৰকাৰীভাবে  ইনষ্টিটিউশ্যনেল কোৱাৰেণ্টাইনৰ ব্যৱস্থা নাই। কেৱল বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলকহে এই ব্যৱস্থাত সাঙুৰি লোৱা হয় সেইবাবে ঘৰত কোৱাৰেণ্টাইন কৰাৰ পৰিৱৰ্তে গাওঁৰক্ষী বাহিনীৰ সম্পাদকে গাওঁবাসীৰ সহযোগত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।
First published: