দুবাৰ আধাৰশিলা স্থাপনৰ পিছতো আজিলৈ নহ’ল চম্পাৱতী নৈৰ ওপৰত দলং৷ ৰাজ্য চৰকাৰ আৰু বিটিআৰক শীঘ্ৰে দলং নিৰ্মাণৰ আহ্বান ৰাইজৰ।
দুবাৰ আধাৰশিলা স্থাপনৰ পিছতো আজিলৈ নহ’ল চম্পাৱতী নৈৰ ওপৰত দলং৷ ৰাজ্য চৰকাৰ আৰু বিটিআৰক শীঘ্ৰে দলং নিৰ্মাণৰ আহ্বান ৰাইজৰ।
চিৰাং আৰু কোকৰাঝাৰ জিলাৰ মাজৰে বৈ যোৱা চম্পাৱতী নৈৰ ওপৰত স্থায়ী দলং নথকাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ বাসুগাঁও আৰু কালীপুখুৰীবাসী ৰাইজে দীৰ্ঘ দিনে বাঁহৰ দলঙেৰে নৈ পাৰ হৈ আহিছে ৷ চাইকেল, বাইক আদিৰে স্থানীয় ৰাইজে দৈনিক কৰ দি এই বাঁহৰ দলং অতিক্ৰম কৰিবলগীয়া হয় ৷
আনহাতে প্ৰতিবাৰ বাৰিষা নৈখনৰ বাঢ়নী পানীয়ে বাঁহৰ দলংখন উটুৱাই নিয়াৰ ফলত যাতায়ত বন্ধ হৈ পৰে ৷ বিগত সময়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই নৈখনৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ আধাৰ শিলা কৰিলেও আজিলৈ দলঙৰ কাম আৰম্ভ নহ’ল ৷ দীৰ্ঘ দিনে নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰাক্তন বিধায়কজনে নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি অহাৰ ফলতে আজিলৈ দলঙৰ কাম আৰম্ভ নহ’ল বুলি স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰে ৷
দলঙৰ অভাৱত ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভোগ কৰি অহাৰ ফলত শীঘ্ৰে চম্পাৱতী নৈৰ ওপৰত পকী দলং নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লগতে বিটিআৰ পৰিষদক আহ্বান জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|