জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দ্বাৰাগাঁওবাসীৰ এনে দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবনে? এতিয়া তেনে আশাৰেই বাট চাই ৰৈছে গাওঁখনৰ দুৰ্ভগীয়া ৰাইজে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দ্বাৰাগাঁওবাসীৰ এনে দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবনে? এতিয়া তেনে আশাৰেই বাট চাই ৰৈছে গাওঁখনৰ দুৰ্ভগীয়া ৰাইজে ৷ পাহাৰৰ পৰা নামি অহা ফটফটীয়া পৰিস্কাৰ পানীৰ সৌন্দৰ্যৰ বাবেই বিখ্যাত ভাৰত-ভূটান সীমান্তৱৰ্তী বাক্সা জিলাৰ এখন গাঁও ৷ পানী চাবলৈয়ে গাঁওখনলৈ দৈনিক আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক ৷ পিচে এটুপি খোৱাপানী বাবে গাঁওখনৰ ৰাইজে সংগ্ৰাম কৰিবগীয়া হৈছে ৷ বিশ্বাস কৰিবলৈ টান যে পানীৰ মাজতে থকা গাঁওখনত ৰাইজৰ সুদীৰ্ঘ বছৰ মূল অভাৱেই হৈছে পানী ৷
কোৰোণাৰ এনে প্ৰকোপৰ সময়তো আন কিবা চিন্তাৰ বিপৰীতে এটুপি পানী বিচাৰি জীয়াই থকাৰ বাবে সংগ্ৰাম চলিছে গাঁওখনৰ লোকৰ ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত প্ৰাকৃতিক পৰিৱেশ সমৃদ্ধ দ্বাৰাগাঁওৰ বাসিন্দাই দশক দশক ধৰি এই যন্ত্ৰণা সহি আহিছে ৷ পৰিস্কাৰ পানীৰে আবৃত হৈও প্ৰতিমুহূৰ্তত গাঁওবাসীয়ে কৰি আহিছে পানীৰ বাবে সংগ্ৰাম ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৯ চনৰ ১৫ আগষ্টত ঘোষণা কৰা জল জীৱন মিছন নামে এক অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ গ্রামাঞ্চলত পাইপেৰে অর্থাৎ ‘টেপ’ৰ জৰিয়তে পানী যোগানৰ পন্থা হাতত লৈছে যদিও আজিলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো আঁচনিৰ সুফল পোৱা নাই বাক্সাৰ দ্বাৰাগাঁও বাসীয়ে ৷ স্বাধীনতাৰ ৭৫ বছৰ পিছতো দ্বাৰাগাঁও বাসীয়ে পাহাৰৰ পৰা নামি অহা দিৰিং নৈৰ পৰা ডেৰ-দুই কিলোমিটাৰ বাটকুৰি বাই পানী কঢ়িয়াব লাগে ৷ অন্যথা কেতিয়াবা নিৰ্দিষ্ট স্থানত কিছু সময়ৰ বাবে অহা পানীৰ বাবে দিনৰ দিনটো ৰৈ চাইকেলত গেলন, কলহ অথবা বাল্টি বান্ধি লৈ পানী আনিব লাগে গাওঁবাসীয়ে ৷
আজিলৈ কোনো বিশেষ চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা গাঁওখনত সাত বছৰ পূৰ্বেই চৰকাৰে খোৱাপানীৰ বাবে মাটিত পাইপ পুতিলে যদিও আজি লৈ নোলাল পানী ৷ অঞ্চলটোৰ লোকসকলে অভিযোগ কৰা অনুসৰি জনপ্ৰতিনিধি সকলৰো কেৱল নিৰ্বাচনৰ সময়তহে আদৰ বাঢ়ে, ভোটৰ পাছত এই সকল ভুক্তভোগী ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি কোনো নেতা, বিধায়কৰ চকুত নপৰে ৷
এইবাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীত্ব লাভ কৰা ৰণজিৎ কুমাৰ দাসে দ্বাৰাগাঁওবাসীৰ এনে দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিবনে? তেওঁৰ সুদৃষ্টি পৰি বৃহত্তৰ দ্বাৰাগাঁওবাসীয়ে সমস্যাৰ পৰা পৰিত্ৰাণ পাবনে? এতিয়া তেনে আশাৰেই বাট চাই ৰৈছে গাওঁখনৰ দুৰ্ভগীয়া ৰাইজে ৷
Published by: Manjumoni Borah
First published: June 19, 2021, 09:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|