உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বছৰ বছৰ ধৰি পথ নিৰ্মাণত গুৰুত্ব নিদিলে চৰকাৰ-প্ৰশাসনে। গাঁওবাসীয়ে দিলে উচিত শিক্ষা।

    বছৰ বছৰ ধৰি পথ নিৰ্মাণত গুৰুত্ব নিদিলে চৰকাৰ-প্ৰশাসনে। গাঁওবাসীয়ে দিলে উচিত শিক্ষা।

    দান-বৰঙণি তুলি শিল-বালি কিনি আনি বঙাইগাঁৱৰ চাৰাকলাবাসীয়ে বাৰিষাৰ পূৰ্বে পথটো মেৰামতিৰ চেষ্টা কৰে ৷

    দান-বৰঙণি তুলি শিল-বালি কিনি আনি বঙাইগাঁৱৰ চাৰাকলাবাসীয়ে বাৰিষাৰ পূৰ্বে পথটো মেৰামতিৰ চেষ্টা কৰে ৷

    দান-বৰঙণি তুলি শিল-বালি কিনি আনি বঙাইগাঁৱৰ চাৰাকলাবাসীয়ে বাৰিষাৰ পূৰ্বে পথটো মেৰামতিৰ চেষ্টা কৰে ৷

    • Share this:
    উত্তৰ অভয়াপুৰী সমষ্টিৰ চাৰাকলা গাঁৱৰ মূল পথছোৱা আজিলৈ নিৰ্মাণ নকৰাত গাঁৱবাসীয়ে দীৰ্ঘদিনে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ চৰকাৰীভাৱে এচপৰাও মাটি নপৰাৰ ফলত এজাক বৰষুণ দিলে পথটোৰে যাতায়ত অসম্ভৱ হৈ পৰে৷ বোকা পানীৰে ভৰি পৰা পথটোৰে চাইকেল, বাইক নতুবা যান-বাহন দূৰৰ কথা খোজকাঢ়িয়ে অতিক্ৰম কৰা কঠিন হৈ পৰে ৷

    গাঁওখনৰ যাতায়তৰ সমস্যা সমাধানৰ বাবে ৰাইজে শ্ৰমদান কৰি পথছোৱা মেৰামতিৰ বাবে ওলাই আহিছে ৷ দান-বৰঙণি তুলি শিল-বালি কিনি আনি ৰাইজে বাৰিষাৰ পূৰ্বে পথটো মেৰামতিৰ চেষ্টা কৰে ৷

    ৰাইজৰ সমস্যাৰ প্ৰতি চৰকাৰ-জনপ্ৰতিনিধিৰ গুৰুত্বহীন মনোভাৱৰ বাবে গাঁওবাসীয়ে ক্ষোভ ব্যক্ত কৰে ৷ বছৰ-বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগি অহা গাঁওবাসী শীঘ্ৰে গাঁওখনৰ মূল পথটো পকীকৰণৰ বাবে চৰকাৰক আহ্বান জনায় ।
    Published by:Manjumoni Borah
    First published: