শতায়ু গৰকা আইতাৰ মন- তেওঁ পালন কৰিব জন্মদিন। জীৱনৰ বিয়লি বেলাত আইতাৰ মনৰ এই ইচ্ছা পূৰণ কৰাৰ বাবে ওলাই আহিছে এখন গাঁৱৰ ৰাইজ। হাজোৰ চৰাবড়িৰ বিজুলীঘাটৰ এই আইতাগৰাকীৰ নাম চিত্ৰলেখা কলিতা।
আইতাই এই সুযোগতে এবাৰ টিভিত নিজকে চোৱাৰো হেঁপাহ পুহি ৰখাৰ কথা ব্যক্ত কৰিলে। আইতাৰ মনোবাঞ্ছা পূৰণ কৰাৰ বাবে গাঁওবাসীয়ে যোগাযোগ কৰিলে সংবাদ মাধ্যমৰ সৈতেও।
আৰু শতবৰ্ষ পাৰ কৰা আইতাৰ ১০৫ বছৰীয়া ওপজা দিনটোক এনেদৰেই মৰ্যাদা দিয়াৰ চেষ্টা কৰা হ'ল। আইতাই কেক কাটি গাঁওবাসীৰ সৈতে উদযাপন কৰিছে ১০৫ বছৰীয়া জন্মদিন (105th Birthday of a grandmother in Hajo)।
তাত্পৰ্যপূৰ্ণ যো শতবৰ্ষ পাৰ কৰা আইতাৰ পঞ্চইন্দ্ৰিয় এতিয়াও পূৰ্ণ সক্ষম। গাঁৱৰ জীয়ৰী-বোৱাৰীৰ লগত চিত্ৰলেখা আইতাই দৈনিক কিছু সময় পাৰ কৰে হৰিনাম কীৰ্তনৰ মাজেৰে। আইতাই চৰকাৰী আঁচনিও কিছু পাইছে যদিও সম্প্ৰতি এখন হুইল চেয়াৰৰ প্ৰয়োজন বুলি জনাইছে পৰিয়ালৰ লোকে।
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 18:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।