টীয়কত কণ্টেইনমেন জ'নত গাঁওৰক্ষী বাহিনীৰে সংঘাত যুৱকৰ।গাঁওৰক্ষী বাহিনীৰ সদস্যই সামাজিক দূৰত্ব নৰখাকৈ আৰু মাস্ক পৰিধান কিয় নাই কৰা বুলি সোধাটোৱেই আছিল যুৱকজনৰ অপৰাধ। ঘটনাটো সংঘটিত হৈছে টীয়কৰ ২নং কাৱৈমাৰীৰ এটা কণ্টেইনমেন জ'নত। যোৰহাট নগৰত এটা ভাড়াঘৰত থাকি পঢ়াশুনা কৰি থকা অম্লান কাকতি নামৰ এইজন যুৱকে উক্ত কণ্টেইনমেন জ'নস্থিত ঘৰৰ পৰা কিতাপ আৰু চাউল আনিবলৈ গৈছিল। কিন্তু গৈয়ে তেওঁ গাঁওৰক্ষী বাহিনীৰ বহুকেইজন সদস্যই মুখত মাস্ক পৰিধান কিয় কৰা নাই বুলি সোধোঁতেই আকাশ দাস নামৰ সদস্যজনে মাৰ ধৰ কৰে অম্লান কাকতিক।
আনকি তেওঁৰ ম'বাইলটো কাঢ়ি ল'বলৈ চেষ্টা কৰে বুলি অভিযোগ তুলিছে। ইতিমধ্যে গাঁওৰক্ষী বাহিনীৰ সদস্যজনৰ এনে আচৰণক লৈ ক্ষোভ প্ৰকাশ কৰা যুৱকজনে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আকাশ দাস নামৰ গাঁওৰক্ষী বাহিনীৰ সদস্যজনে দিনত কণ্টেইনমেন জ'নৰ পৰা ওলাই আহি টীয়কস্থিত নিজা জিমত প্ৰশিক্ষক হিচাপে থাকি ৰাতি কিদৰে আকৌ গাঁওৰক্ষী বাহিনীৰ পহৰাত থাকে বুলি প্ৰশ্ন তুলিছে। উল্লেখ্য যে উক্ত কণ্টেইনমেন জ'নত একাংশ গাঁওৰক্ষী বাহিনীৰ সদস্যই নিশা সুৰাৰ আড্ডা বহুৱাই বুলিও অভিযোগ তুলিছে আন একাংশ যুৱকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|