உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Cricket Team: বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন মেচতে পৰাস্ত অসম ক্ৰিকেট দল! নাগালেণ্ডৰ হৈ উজ্বলি উঠিল আবু নেচিম

    Assam Cricket Team: বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন মেচতে পৰাস্ত অসম ক্ৰিকেট দল! নাগালেণ্ডৰ হৈ উজ্বলি উঠিল আবু নেচিম

    নাগালেণ্ডৰ হৈ খেলা অসমৰ আবু নাছিমে লাভ কৰে ১০/৩ উইকেট

    নাগালেণ্ডৰ হৈ খেলা অসমৰ আবু নাছিমে লাভ কৰে ১০/৩ উইকেট

    নাগালেণ্ডৰ হৈ খেলা অসমৰ আবু নাছিমে লাভ কৰে ১০/৩ উইকেট

    • Share this:
    অসম ক্ৰিকেট সন্থাৰ ছিনিয়ৰ ক্ৰিকেট দলৰ পৰাজয়। বুধবাৰে পৰাজয়েৰে বিজয় হাজাৰে ২০২১-২০২২ৰ অভিযান আৰম্ভ কৰিলে অসম দলে। তুলনামূলকভাৱে দুৰ্বল গোৱা দলৰ বিৰুদ্ধে পৰাস্ত হয় অসম দল।

    বুধবাৰৰ প্ৰথমখন খেলত অসমৰ কোনো এগৰাকী ক্ৰিকেটাৰে অৰ্ধশতৰান অৰ্জন কৰিব নোৱাৰিলে। টচত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অসম দলে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেট হেৰুৱাই ২১৫ ৰান সংগ্ৰহ কৰে। অসমৰহৈ স্বৰূপম পুৰকায়স্থই সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে।

    প্ৰত্যুত্তৰত গোৱা দলে ৪৮.৩ অভাৰত ৫ উইকেট হেৰুৱাই ২১৯ ৰান সংগ্ৰহ কৰে। অসম দলত এইবাৰো উপেক্ষিত কৃষ্ণ দাস , অৰূপ দাস, আবু নেছিম আহমেদ।

    ইফালে বুধবাৰে মণিপুৰৰ বিৰুদ্ধে নাগালেণ্ডৰ জয়লাভ সাব্যস্ত কৰে। অসমত উপেক্ষিত আবু নেছিম আহমেদে নাগালেণ্ডৰহৈ খেলিছে। নাগালেণ্ডৰ জয়ত উল্লেখযোগ্য অৱদান আগবঢ়াই আবু নেছিমে। আবু নেছিমে দহ ৰানত তিনিটা উইকেট লাভ কৰে। অসমে ৯ ডিচেম্বৰত ছাৰ্ভিছেজৰ বিৰুদ্ধে দ্বিতীয় খন খেলত অংশ ল'ব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: