মুখ্যপৃষ্ঠা »খবৰ »অসম »একেদিনাই হাত দাঙিলে তিনি চৰকাৰী চাকৰিয়ালে, দৰমহাৰ টকাৰে নচলে সংসাৰ!

একেদিনাই হাত দাঙিলে তিনি চৰকাৰী চাকৰিয়ালে, দৰমহাৰ টকাৰে নচলে সংসাৰ!

  • Share this:

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি মানি অহা ৰাজ্য চৰকাৰে একেদিনাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰিলে ঘোচখোৰ কৰ্মচাৰীক। কলিয়াবৰ, গুৱাহাটীৰ খানাপাৰা আৰু গোৱালপাৰাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এই কৰ্মচাৰীসকল।


কলিয়াবৰত ৰাজহ চক্ৰৰ লাট মণ্ডল প্ৰাঞ্জল বৰাই মাটি কিনা-বেচাৰ অনুমতিৰ নামত বিচাৰিছিল ৩ হাজাৰ টকা। দুহেজাৰ টকা আগধন লওঁতেই ধৰা পৰে প্ৰাঞ্জল বৰা। নিজ বৰভগীয়াৰ লাট মণ্ডলগৰাকীক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption) গ্ৰেপ্তাৰ কৰে।


ইয়াৰ পিছতে আন এগৰাকী চৰকাৰী কৰ্মচাৰী জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক বিদ্যাধৰ দাসো আৰক্ষীৰ জালত পৰে। গুৱাহাটীৰ খানাপাৰাৰ সমবায় ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে দাসক। দাসে পেঞ্চনৰ কামৰ বাবদ লৈছিল উৎকোচ। কিন্তু উৎকোচ লৈ থকা অৱস্থাত হাতে–লোটে গ্ৰেপ্তাৰ কৰে তেওঁক।

এইবাৰ হাত দাঙিলে তৃতীয়জনে। তেওঁ গোৱালপাৰাৰ শিক্ষা বিষয়া। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা শিক্ষা বিষয়াগৰাকী বজলুল বাছিত সৰকাৰ। মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক কোষে ঘোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে তেওঁক।

শেহতীয়া বাতৰি