হাজোৰ কুলহাটীৰ ছাত্ৰশালীত কুকাৰ্যৰ বাবে ৰাইজৰ উত্তম-মধ্যমৰ সন্মুখীন হৈছে এজন ৰাজমিস্ত্ৰী। অভিযোগ অনুসৰি মহিলাই স্নান কৰি থকাৰ ভিডিঅ' গোপনে ৰেকৰ্ডিং কৰি আহিছিল তেওঁ। শেষত ৰাইজৰ ৰোষত পৰে লম্পট ৰাজমিস্ত্ৰীজন।
তীৰ্থনগৰী হাজোত নিশা সংঘটিত কাণ্ডৰ বিৱৰণ অনুসৰি ৰাজমিস্ত্ৰীজনে কুলহাটীত গা ধুই থকা অৱস্থাত এগৰাকী যুৱতীৰ ফটো মোবাইল ফোনৰ কেমেৰাৰে গোপনে সংগ্ৰহ কৰি থকা অৱস্থাত ধৰা পৰে।
আমিনুল ইছলাম নামৰ ৰাজমিস্ত্ৰীজনৰ হাতৰ পৰা উদ্ধাৰ কৰা ম'বাইলত এনে বহু স্থানীয় অঞ্চলৰ মহিলাৰ ভিডিঅ' তথা ফটো উদ্ধাৰ কৰে বুলি ৰাইজে প্ৰকাশ কৰে। ইতিমধ্যে স্থানীয় ৰাইজে আমিনুলক উত্তম-মধ্যম দি গতাই দিছে হাজো আৰক্ষীক। আৰক্ষীয়ে আমিনুলক আটক কৰাৰ লগতে জব্দ কৰিছে আমিনুল ইছলামৰ মোবাইল ফোনটো। এতিয়া এই লম্পট ৰাজমিস্ত্ৰীটোক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে। ধৃত আমিনুল ইছলামৰ ঘৰ ধুবুৰীত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|