• Home
  • »
  • News
  • »
  • assam
  • »
  • Assembly Elections Results: চাৰি ৰাজ্যৰ এই জয়ে আমাক ২০২৪লৈ অধিক শক্তি দিবঃ অসম বিজেপি

Assembly Elections Results: চাৰি ৰাজ্যৰ এই জয়ে আমাক ২০২৪লৈ অধিক শক্তি দিবঃ অসম বিজেপি

মণিপুৰত আগতে উন্নয়ণৰ কথা শুনিছিলহে এতিয়া দেখিছে, সেয়ে ফলাফল আমাৰ পক্ষত: আশোক সিংহল 

মণিপুৰত আগতে উন্নয়ণৰ কথা শুনিছিলহে এতিয়া দেখিছে, সেয়ে ফলাফল আমাৰ পক্ষত: আশোক সিংহল 

মণিপুৰত আগতে উন্নয়ণৰ কথা শুনিছিলহে এতিয়া দেখিছে, সেয়ে ফলাফল আমাৰ পক্ষত: আশোক সিংহল 

  • Share this:
থমকি ৰোৱা নাই বিজেপিৰ অশ্বমেধ ঘোঁৰা ৷ ইতিহাস ৰচনা কৰি উত্তৰ প্ৰদেশত দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিব যোগী আদিত্যনাথে ৷ গোৱা, উত্তৰাখণ্ডতো জনতাই ৰায় দিলে গেৰুৱা দলটোৰ পক্ষত ৷ চুবুৰীয়া ৰাজ্য মণিপুৰত (Manipur) এইবাৰ কাৰো সহায় নোলোৱাকৈ চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ ইফালে একেটা দিনতে মাজুলীত বিপুল ভোটত জয়ী হ'ল বিজেপি প্ৰাৰ্থী ভুৱন গাম ( Assam Assembly by Elections Results) ৷

বৃহস্পতিবাৰৰ দিনটো যেন ‍BJPৰ দিনহে আছিল ৷ সকলো ফালে আশা কৰা ধৰণে সফলতা লাভ কৰিলে গেৰুৱা দলটোৱে ৷ সেয়ে অসম প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত পালন কৰা দেখা গ'ল বিজয় উৎসৱ ৷ বিশেষকৈ কেন্দ্ৰীয় নেতৃত্বই মণিপুৰৰ নিৰ্বাচনী সহঃ প্ৰভাৰীৰ দায়িত্ব দিয়া মন্ত্ৰী অশোক সিংঘল, বিস্তাৰকৰ দায়িত্বত থকা বিজয় গুপ্তা, অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সাধাৰণৰ সম্পাদকৰ দায়িত্বত থকা ফণীন্দ্ৰনাথ শৰ্মাক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্ৰায় পঞ্চাশজনীয়া এটা টীমে অসমৰ পৰা গৈ মণিপুৰত দুমাহ বিভিন্ন স্থানত চলোৱা প্ৰচাৰ অভিযানৰে জড়িত সকলকো সম্বৰ্দ্ধনা জনালে দলীয় নেতৃত্বই ৷

অসম প্ৰদেশ বিজেপিৰ (Assam BJP) যুৱ নেতা জয়ন্ত শইকীয়াক উত্তৰ প্ৰদেশত গৈ দীৰ্ঘদিন চলোৱা প্ৰচাৰ অভিযানৰ বাবে শইকীয়াকো সম্বৰ্দ্ধিত কৰে দলে ৷ ইয়াৰ পিছতে ইজনে সিজনক মিঠাই খুৱাই, ফাঁকুগুৰি চটিয়াই, আতচবাজী কৰি বিজয় উৎসৱ পালন কৰিলে বাজপেয়ী ভৱনত (Assembly Elections Results) ৷

"মণিপুৰৰ মানুহে কংগ্ৰেছৰ দিনত উন্নয়ন শব্দটো শুনিছিলহে ৷ বিজেপি চৰকাৰৰ দিনত উন্নয়ন কি দেখিছে, অনুভৱ কৰিব পাৰিছে ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা আঁচনিসমূহৰ সুফল লাভ কৰিছে মণিপুৰবাসীয়ে ৷ সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস পোৱাত শান্তিৰে থাকিব পাৰিছে ৷ আমি সেয়ে মণিপুৰত আগতকৈ আসন বেছি পাবলৈ সক্ষম হৈছোঁ গোৱা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশৰ জনতায়ো উন্নয়নৰ স্বাৰ্থত মোদীজীৰ হাত শক্তিশালী কৰিছে ৷" —অশোক সিংঘল।

আনহাতে, চাৰি ৰাজ্যৰ ফলাফল আৰু মাজুলীৰ (Majuli) জয়ক ৰাইজৰ জয় আখ্যা দিলে বিজেপিৰ অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই ৷ তেওঁ কয়- "মানুহে সকলো জানে ৷ বিৰোধীয়ে বিপথে পৰিচালিত কৰিব খুজিও ক'তো নোৱাৰিলে ৷ এয়া ফাইনেল বা ছেমি ফাইনেল বুলি নকওঁ ৷ এই জয়ে দলীয় কাৰ্যকৰ্তাক ২০২৪লৈ সাজু হোৱাত অধিক শক্তি প্ৰদান কৰিব ৷"
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি