মুখ্যপৃষ্ঠা »খবৰ »অসম »Victor Das : 'লাভ জেহাদ'ৰ বলি হৈছে ভিক্টৰ দাস, গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলত পত্নীক লৈ চাঞ্চল্যকৰ অভিযোগ

Victor Das : 'লাভ জেহাদ'ৰ বলি হৈছে ভিক্টৰ দাস, গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলত পত্নীক লৈ চাঞ্চল্যকৰ অভিযোগ

ভিক্টৰ দাসৰ পত্নীয়ে কিছুদিন পূৰ্বে তেওঁৰ বিৰুদ্ধে শাৰীৰিক-মানসিক অত্যাচাৰ কৰা বুলি থানাত গোচৰ তৰিছিল।

ভিক্টৰ দাসৰ পত্নীয়ে কিছুদিন পূৰ্বে তেওঁৰ বিৰুদ্ধে শাৰীৰিক-মানসিক অত্যাচাৰ কৰা বুলি থানাত গোচৰ তৰিছিল।

  • Share this:
গুৱাহাটী প্ৰেছ ক্লাবত ভিক্টৰ দাসৰ সংবাদমেল। দাসে 'লাভ জেহাদ'ৰ বলি হোৱা বুলি চাঞ্চল্যকৰ মত প্ৰকাশ কৰে। তেওঁ কয়- ''মই যিটো প্ৰতিষ্ঠানত কাম কৰোঁ তাৰ মালিকৰ সৈতে অবৈধ সৰ্ম্পক মোৰ পত্নীৰ। স্কৰডমিকৰ চিইঅ' ৰেহমানৰ লগত অবৈধ সৰ্ম্পক গঢ়ি তুলিছে মোৰ পত্নীয়ে। এই বিষয়ে মোৰ তিনি বছৰীয়া ছোৱালীজনীয়ে দুয়োকে অন্তৰংগ মুহূৰ্তত দেখা পায় মোক কয়।

দাসে লগতে প্ৰকাশ কৰে যে তেওঁক অপদস্থ কৰিবলৈ তেওঁলোকে বাৰে বাৰে চেষ্টা কৰিছে। তেওঁৰ বিৰুদ্ধে গোচৰ দিবলৈ মালিকজনে তেওঁৰ পত্নীক লগত লৈ গৈছিল বুলিও প্ৰকাশ কৰে।

দাসে কয়- ''মই ধুবুৰীত থাকোঁতে ক্লাবত মদ খাই নাচি-বাগী পাৰ্টী কৰিছিল। এয়া ৭ বছৰীয়া এটা সৰ্ম্পক, ৭ বছৰ মোৰ লগত থাকিলে আৰু ৭ মাহতে মই তেওঁৰ বাবে বেয়া হৈ গ'লোঁ।''

দাসে কয়- মোতকৈ বেছি মদ মোৰ পত্নীয়ে খায়। মোৰ বুকুত লিখা আছে মোৰ পত্নীৰ নাম, মোৰ মালিকজনৰ নাম। ভাই-ককাইৰ দৰে ভাবিছিলোঁ তেওঁক। নিজৰ দৰে কষ্ট কৰি কাম কৰিছিলোঁ। মোৰ ছোৱালীজনীক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে একমাত্ৰ সেই মানুহজনৰ কাৰণে। মোৰ ছোৱালীজনী মোক লাগিবই। কিন্তু আনৰ লগত শাৰীৰিক সম্পৰ্কত থকা তিৰোতাগৰাকীক মই ঘূৰাই আনিব নোৱাৰোঁ।''

ভিক্টৰ দাসৰ মতে তেওঁক শেষ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে তেওঁলোকে। এই কাৰ্যত পত্নীৰ পিতৃ-মাতৃও জড়িত হৈ আছে, ভাতৃও জড়িত হৈ আছে বুলি প্ৰকাশ কৰে। দাসৰ মত- ''মোৰ পত্নী অংক মাষ্টৰ, কিন্তু তেওঁ নিজৰ জীৱনৰ অংকই ভুল কৰি পেলালে। মোৰ বিৰুদ্ধে ভুৱা গোচৰ তৰি মোক বদনাম আৰু নিঃশেষ কৰিব বিচাৰিছে। এতিয়া ৰাইজে কওক মই কি কৰোঁ।

উল্লেখ্য, ভিক্টৰ দাসৰ পত্নীয়ে কিছুদিন পূৰ্বে তেওঁৰ বিৰুদ্ধে শাৰীৰিক-মানসিক অত্যাচাৰ কৰা বুলি থানাত গোচৰ তৰিছিল। পত্নীৰ অভিযোগ মতে, ভিক্টৰৰ বেয়া কামৰ প্ৰতিবাদ কৰিলে তেওঁক প্ৰহাৰ কৰা হয়। শেহতীয়াভাৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰ বৃদ্ধি পোৱাত পিতৃগৃহত আশ্ৰয় লৈছিল পত্নী ভূপালীয়ে।

শেহতীয়া বাতৰি