মুখ্যপৃষ্ঠা »খবৰ »অসম »Victor Das : পুনৰ বিতৰ্কত সাঙোৰ খাইছে ভিক্টৰ দাসৰ নাম, দাসৰ বিৰুদ্ধে থানাত ৰুজু হৈছে গোচৰ

Victor Das : পুনৰ বিতৰ্কত সাঙোৰ খাইছে ভিক্টৰ দাসৰ নাম, দাসৰ বিৰুদ্ধে থানাত ৰুজু হৈছে গোচৰ

সমগ্ৰ বিষয়টোৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

সমগ্ৰ বিষয়টোৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

  • Share this:
পুনৰ বিতৰ্কত ভিক্টৰ দাস। এইবাৰ পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই চৰ্চাত ভিক্টৰ দাস। ভিক্টৰ দাসৰ ওপৰত অভিযোগ তুলি ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে পত্নী আৰু শহুৰেকে।

পত্নী অভিযোগ- ভিক্টৰ দাস লম্পট আৰু চৰিত্ৰহীন। বহু যুৱতীৰ সৈতে সম্পৰ্ক থকা বুলিও অভিযোগ তুলিছে পত্নীয়ে। পত্নীয়ে প্ৰকাশ কৰে যে ভিক্টৰৰ বেয়া কামৰ প্ৰতিবাদ কৰিলে তেওঁক প্ৰহাৰ কৰা হয়। শেহতীয়াভাৱে শাৰীৰিক আৰু মানসিক অত্যাচাৰ বৃদ্ধি পোৱাত পিতৃগৃহত আশ্ৰয় লৈছিল পত্নী ভূপালীয়ে। পিতৃগৃহতে আহি নিশা মাৰপিট কৰা, ঘৰৰ আচবাব নষ্ট কৰাৰ লগতে পিতৃকো হত্যাৰ ভাবুকি দিয়া বুলি ভিক্টৰৰ পত্নীৰ অভিযোগ।

ঘটনা সন্দৰ্ভত গোশালা আৰক্ষী চকীত ১০/২০২৩ নম্বৰত ৰুজু হৈছে গোচৰ। ভিক্টৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৩/২৯৪/৪২৭ ধাৰাত ৰুজু কৰা হৈছে এই গোচৰ। বৰ্তমান সমগ্ৰ বিষয়টোৰ ওপৰত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য, ঘটনা সন্দৰ্ভত ভিক্টৰ দাসৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই।

শেহতীয়া বাতৰি