এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পাইকাৰী কল বজাৰ হিচাপে খ্যাত গোৱালপাৰা জিলাৰ দৰংগিৰি কল বজাৰক কালিমা সনাৰ ষড়যন্ত্ৰ দুষ্কৃতিকাৰীৰ৷ আন্তঃৰাষ্ট্ৰীয় কল বজাৰখনৰ ভুৱা চালান ব্যৱহাৰ কৰি কলৰ মাজত চোৰাং কাঠ বহিঃৰাজ্যলৈ সৰবৰাহ কৰা ঘটনা পোহৰলৈ অহাত উদ্বিগ্ন হৈ পৰিছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতি৷
দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ৰাভাই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
যোৱা ৮ জুলাইত চিৰাঙত এখন কলভৰ্তি ট্ৰাকত বৃহৎ পৰিমাণৰ লক্ষাধিক টকা মূল্যৰ চোৰাং চেগুন কাঠ জব্দ হৈছিল আৰু কলৰ ট্ৰাকখনত দৰংগিৰি আন্তঃৰাষ্ট্ৰীয় কল বজাৰৰ চালান উদ্ধাৰ হৈছিল ৷ তাৰ পিছতে দৰংগিৰি আন্তঃৰাষ্ট্ৰীয় কলৰ বজাৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷
কলভৰ্তি উক্ত ট্ৰাকখন দৰংগিৰিৰ পৰা যোৱা নাছিল আৰু কলৰ মাজত চোৰাং কাঠ সৰবৰাহ কৰা চক্ৰটোৱে ডুপ্লিকেট চালান বনাই দৰংগিৰি আন্তঃৰাষ্ট্ৰীয় কল বজাৰখনক বদনাম কৰাৰ কাৰণে একাংশ দুষ্ট চক্ৰই এনে কাম কৰিছে বুলি ব্যক্ত কৰে দৰংগিৰি উন্নয়ন সমিতিয়ে ৷
চিৰাঙত জব্দকৃত চোৰাং কাঠভৰ্তি ট্ৰাকখনত উদ্ধাৰ হোৱা কল ক্ৰয় কৰা চালানখন দৰংগিৰি আন্তঃৰাষ্ট্ৰীয় পাইকাৰী কল বজাৰৰ চালানৰ সৈতে হুবহু মিল আছে যদিও দৰংগিৰি সমিতিয়ে দিয়া চালানসমূহত সভাপতি-সম্পাদকৰ উপৰি আদায়কাৰীৰ চহী থকাটো বাধ্যতামূলক, লগতে চালানৰ ক্ৰমিং নম্বৰৰ লগত একেবাৰে মিল নাই ৷
কিন্তু চিৰাঙত উদ্ধাৰ হোৱা ভুৱা চালানত নাছিল কালেক্টৰৰ চহী, ক্ৰমিং নং মিল নাই আৰু উন্নয়ন সমিতিৰ লগো কিছু সুকীয়া ৷ দৰংগিৰি কল বজাৰৰ নামত বনোৱা ভুৱা চালানত থকা সভাপতি আৰু সম্পাদকৰ চহী দুটাও ভুৱা ! গতিকে প্ৰকৃত চালানৰ সৈতে মিল নাই বুলি সংবাদ মেলত প্ৰমাণ কৰি দিয়ে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ৷
বৰ্তমান সপ্তাহত দুদিনহে কলৰ বজাৰ বহে আৰু ৮ জুলাইত দৰংগিৰি কল বজাৰত কোনো ধৰণৰ কল বেচা-কিনা হোৱাই নাছিল বুলি ষ্পষ্ট কৰে সমিতিয়ে ৷ গতিকে মাত্ৰ বহিঃৰাজ্যলৈ চোৰাং কাঠ সৰবৰাহ কৰাৰ স্বাৰ্থত দৰংগিৰি কল বজাৰখনৰ সন্মানত আঘাত দি মুনাফা লুটা চক্ৰটোক কৰায়ত্ত কৰাৰ দাবী প্ৰশাসনলৈ দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ l
Published by: Gautam Barman
FIRST PUBLISHED : July 17, 2022, 16:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।