• Home
  • »
  • News
  • »
  • assam
  • »
  • Vibrant North East 2022 : কাইলৈ গুৱাহাটীত ভাইব্ৰেন্ট নৰ্থ-ইষ্ট, ২০২২ৰ শুভাৰম্ভণি, সামৰণী অনুষ্ঠানত ভাগ ল'ব ৰাজ্যপালে

Vibrant North East 2022 : কাইলৈ গুৱাহাটীত ভাইব্ৰেন্ট নৰ্থ-ইষ্ট, ২০২২ৰ শুভাৰম্ভণি, সামৰণী অনুষ্ঠানত ভাগ ল'ব ৰাজ্যপালে

 কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই সন্মিলনৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই সন্মিলনৰ আয়োজন কৰা হৈছে।

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই সন্মিলনৰ আয়োজন কৰা হৈছে।

  • Share this:
কাইলৈ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ভাইব্ৰেন্ট নৰ্থ-ইষ্ট, ২০২২ ৰ শুভাৰম্ভ হ’ব। কৃষি আৰু গ্ৰামোন্নয়ন কেন্দ্ৰ, নতুন দিল্লীৰ উদ্যোগত আৰু ইণ্ডিয়ান চেম্বাৰ অৱ ফুড এণ্ড এগ্ৰিকালচাৰ আৰু ড’নাৰ মন্ত্ৰালয়ৰ সহযোগত ইয়াৰ আয়োজন কৰা হৈছে।

ইয়াৰ উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান চেম্বাৰ অৱ ফুড এণ্ড এগ্ৰিকালচাৰৰ অধ্যক্ষ ড০ এম জে খান, অনুষ্ঠান আয়োজক কমিটিৰ অধ্যক্ষ পিএল থাংগা, উত্তৰ-পূব পৰিষদৰ প্ৰাক্তন সচিব, নাবাৰ্ডৰ চিজিএম নবীন ধিংৰা, নাগালেণ্ড চৰকাৰৰ উদ্যান শস্য বিভাগৰ আয়ুক্ত আৰু সচিব অনেনলা টি চাটো (আইএএছ), অসমৰ কৃষি সঞ্চালক অনন্ত লাল জ্ঞানী (আইএএছ)য়ে অংশগ্ৰহণ কৰিব।

নাগালেণ্ড, মেঘালয়, অসম, মিজোৰামৰ ৰাজ্য চৰকাৰৰ ষ্টলসমূহৰ লগতে কেন্দ্ৰীয় মন্ত্ৰালয়, বিশ্ববিদ্যালয়, আইচিএআৰ আৰু ব্যক্তিগত ষ্টলসমূহকে ধৰি ৫০ৰোধিক প্ৰদৰ্শকে ইয়াত অংশগ্ৰহণ কৰিব।

প্ৰদৰ্শনী উদ্বোধনৰ পিছত অনুষ্ঠিতব্য উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সভাখন হোটেল তাজত অনুষ্ঠিত হ’ব। ইয়াত ভাৰত–মধ্যপ্ৰাচ্য কৃষি এলায়েন্স, ডুবাইৰ অধ্যক্ষ সুধাকৰ টোমৰ, বিশ্ব বাণিজ্য কেন্দ্ৰ, নতুন দিল্লীৰ ইডি খাইৰুল নেছা, নাহৰ এগ্ৰ’ৰ এমডি সুনীল উত্তম, শ্লোকা এগ্ৰ’, পুনেৰ এমডি গণেশ বাবৰ, কাৰ্বনএক্স, হায়দৰাবাদৰ এমডি নিৰোজ মহান্তি, গুৰছ এণ্ড গ্ৰেডছ প্ৰাইভেট লিমিটেডৰ চিইঅ’ ৰবি চনী, আক্ষুদ্ৰা ইন্টাৰনেশ্যনেল, মুম্বাইৰ চিইঅ’ সুৰজ গুপ্তাকে ধৰি চৰকাৰ আৰু উদ্যোগটোৰ একাধিক গণ্য মান্য ব্যক্তিৰ লগতে উদ্যোগটোৰ আন ৭০ জন চিইঅ’ আৰু সঞ্চালকে ভাগ ল’ব।

ইয়াৰোপৰি ২৬ আগষ্টত একেটা স্থানতে উত্তৰ-পূব কৃষি আৰু খাদ্য সন্মিলন, ২০২২ অনুষ্ঠিত হ’ব। ইয়াত দেশখনৰ ভিন্ন প্ৰান্তৰ ১০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই  ভাইব্ৰেন্ট নৰ্থ-ইষ্ট কাৰ্যক্ৰমৰ পৃষ্ঠপোষকতা কৰিছে এপেডা, নাবাৰ্ড, ষ্টেট বেংক, এনআৰএল, অইল ইণ্ডিয়া লিমিটেড, বিপিচিএল আদিয়ে। ৰাজ্যপালে একে স্থানতে ২৭ আগষ্টৰ বিয়লি ২ বজাত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত ভাগ ল’ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি