বানপানীৰ সময়ত পশুধন বিভাগ তথা পশু চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীয়ে নাপাব ছুটী ।
বানপানীৰ সময়ত পশুধন বিভাগ তথা পশু চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীয়ে নাপাব ছুটী ।
অসমত পশুধনৰ বাবে মুকলি হ'ল ভ্ৰাম্যমান এম্বুলেঞ্চ। 'পশুধন সাৰথি' নামেৰে নামাকৰণ কৰা হৈছে এই এম্বুলেঞ্চ (Ambulance) সেৱাৰ। ১৬খন জিলাত ১৬খন এম্বুলেঞ্চ প্ৰদান কৰি পশু চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে এই নতুন পদক্ষেপৰ শুভাৰম্ভণি কৰে।
এই অনুস্থানত উপস্থিত থাকে বিভাগীয় মন্ত্ৰী অতুল বৰা (Atul Bora), পশুপালন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া। অনুস্থানৰ মাজতে ১৩ জনক অসম চৰকাৰৰ পশু চিকিৎসা বিভাগত ক্ষেত্ৰ সহায়ক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে । আনহাতে ৩৭৮ জনক প্ৰশিক্ষণ দি থকা হৈছে আৰু অতি সোনকালে নিযুক্তি দিয়া হ'ব বুলি কয় মন্ত্ৰী অতুল বৰাই। ১৫৯ জন ডাক্তৰ নিযুক্তি কৰা হ'ব।
এই নতুন পশুধন সাৰথি (Pashudhan Sarathi) সেৱা বিনামুলীয়া হ'ব। পশুধন নিগম আৰু পশু চিকিৎসালয়ত কৰ্মৰত কৰ্মচাৰীক বান শেষ নহোৱালৈকে ছুটী দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|