বছৰৰ অন্তিম দিনটোত এটা দুঃখবৰ, বিশিষ্ট সাহিত্যিক–সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:December 31, 2019, 10:19 AM IST
বছৰৰ অন্তিম দিনটোত এটা দুঃখবৰ, বিশিষ্ট সাহিত্যিক–সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ দেহাৱসান
এগৰাকী অভিনেতা, গায়ক, নাট্যশিল্পী, নাট্যকাৰ, গীতিকাৰ, সংলাপ লেখক হিচাপে সুপৰিচিত আছিল। ৭বছৰ বয়সতে যাত্ৰাত ছকৰা নাচ নাচিছিল ওজাই। অসমৰ প্ৰথমখন বাটৰ নাট ‘ককাইদেউ’ৰ পৰিকল্পনা কৰিছিল তেওঁ।

এগৰাকী অভিনেতা, গায়ক, নাট্যশিল্পী, নাট্যকাৰ, গীতিকাৰ, সংলাপ লেখক হিচাপে সুপৰিচিত আছিল। ৭বছৰ বয়সতে যাত্ৰাত ছকৰা নাচ নাচিছিল ওজাই। অসমৰ প্ৰথমখন বাটৰ নাট ‘ককাইদেউ’ৰ পৰিকল্পনা কৰিছিল তেওঁ।

  • News18 Assam
  • Last Updated: December 31, 2019, 10:19 AM IST
  • Share this:
বছৰৰ অন্তিমটো দিনত এটা দুঃসংবাদ। বিশিষ্ট সাহিত্যিক, সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ দেহাৱসান। নিশা ১ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। মৃত্যুৰ সময়ত ৰত্ন ওজাৰ বয়স আছিল ৮৯ বছৰ। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল ৰত্ন ওজা। অসুস্থ দেহাৰেই জাতি ৰক্ষাৰ বাবে কৰিছিল সংগ্ৰাম। লতাশিল, চানমাৰিৰ CAAবিৰোধী প্ৰতিবাদত ভাগ লৈছিল ৰত্ন ওজাই।

২০০৫ চনত নটসূৰ্য বঁটা লাভ বিশিষ্ট সাহিত্যিকগৰাকীয়ে। ভূপেন হাজৰিকা বঁটাও লাভ কৰিছিল ৰত্ন ওজাই। ১৯৭১ চনত থিয়েটাৰৰ সৈতে জড়িত হৈ পৰিছিল ওজা। নাট্য আন্দোলনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত আছিল ৰত্ন ওজা। ১০০ খনতকৈও অধিক নাট পৰিচালনা কৰিছিল ৰত্ন ওজাই। ‘গহ্বৰ’ নাট্যগোষ্ঠী জৰিয়তে সৃষ্টিৰ পথাৰত সিঁচিছিল কঠিয়া। গহ্বৰ, উৰ্বৰ, কবৰ তেওঁৰ বিখ্যাত নাট্য ত্ৰিল’জী।

‘নামঘৰ’ নামৰ তথ্যচিত্ৰৰ পৰিচালনা আৰু প্ৰযোজনাও কৰিছিল ৰত্ন ওজাই। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপাধ্যক্ষ আছিল ওজা। শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন উপাধ্যক্ষ আৰু বিশেষ প্ৰাধিকাৰী আছিল তেওঁ।

১৯৩১ চনৰ ৫ ডিচেম্বৰত বৰপেটাত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীয়ে। কটন কলেজৰ পৰা স্নাতক লাভ কৰা ৰত্ন ওজাই পৰৱৰ্তী সময়ত অসমীয়া দৈনিক কাকত ‘শান্তিদূত’ত কৰ্মজীৱন আৰম্ভ কৰিছিল। তদুপৰি শিক্ষক হিচাপেও কৰ্মৰত আছিল ৰত্ন ওজা। বৰপেটা চৰকাৰী উচ্চ বিদ্যালয়ৰ লগতে জুৰোৰাম ছোৱালী উচ্চ বিদ্যালয়তো কৰিছিল শিক্ষকতা।

NFRৰ প্ৰবৰ সাংবাদিক আছিল ৰত্ন ওজা। বঙাইগাঁৱৰ DRPIৰ PRO আছিল ৰত্ন ওজা। ইমানেই নহয়, গুৱাহাটী দূৰদৰ্শনৰ বাতৰি সম্পাদকো আছিল ওজা। ইংৰাজী দৈনিক নিউজ ষ্টাৰৰ CEO, সাদিনীয়া বাতৰিৰ সহযোগী সম্পাদক হিচাপে কাম কৰিছিল ওজাই।

এগৰাকী অভিনেতা, গায়ক, নাট্যশিল্পী, নাট্যকাৰ, গীতিকাৰ, সংলাপ লেখক হিচাপে সুপৰিচিত আছিল। ৭বছৰ বয়সতে যাত্ৰাত ছকৰা নাচ নাচিছিল ওজাই। অসমৰ প্ৰথমখন বাটৰ নাট ‘ককাইদেউ’ৰ পৰিকল্পনা কৰিছিল তেওঁ। এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আৰি লটিলটি ছবিৰ সহকাৰী পৰিচালক আছিল ওজা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি