অসমৰ চলচিত্ৰ জগতৰ এগৰাকী প্ৰবীণ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ আজি পুৱা দেহাৱসান হয়। স্বাস্থ্যজনিত ৰোগত কিছুদিন তেওঁ পূৰ্বে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি হৈছিল। ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি হৈছিল আৰু আজি পুৱা ৯ বাজি ১৫ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
নিপন গোস্বামীৰ জন্ম ১৯৪৭ চনত তেজপুৰৰ কলিবাৰীত হৈছিল। তেওঁৰ পিতৃ চন্দ্ৰধৰ গোস্বামী এগৰাকী বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামী সংগীতৰ লগত জড়িত আছিল। ইয়াৰোপৰি তেওঁৰ পাঁচ গৰাকী খুৰা অভিনয়ৰ লগত জড়িত আছিল। তেখেতে শিশু অৱস্থাৰ পৰাই কলা–সংস্কৃতি তথা অভিনয় জগতৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছিল। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ চুবুৰীয়া আছিল। তেওঁৰ শিক্ষা জীৱন তেজপুৰতে হৈছিল। স্কুলীয়া জীৱনতে নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰাৰ সুবিধা লাভ কৰিছিল। তেওঁ নাটকত প্ৰথমতে অভিনয় কৰিছিল আৰু পাছলৈ অসমীয়া বোলছবিত অভিনয় কৰিবলৈ লৈছিল।
তেওঁ ১৯৬৫ চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে গৈছিল য’ত সহপাঠী হিচাপে বৰ্তমানৰ বলিউদৰ বিখ্যাত চেলিব্ৰিটি সুভাষ ঘাই, শত্ৰুঘ্ন সিন্হা আদি আছিল। ইয়াৰ পিছতেই তেওঁ বোলছবিত অভিনয় কৰা আৰম্ভ কৰিছিল। নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত 'পিয়লি ফুকন'। তেওঁ 'ককাদেউতা নাতি আৰু হাতী নামৰ চলচ্চিত্ৰখনতো অভিনয় কৰিছিল ।
তেওঁ এশৰো অধিক টেলিফিল্ম, ভিচিডি ছবিত অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰিছিল।
তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল। নিপন গোস্বামীয়ে বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰ যেনে কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল। তেওঁ 'অসীমত যাৰ হেৰাল সীমা' নাটকত 'চন্দন'ৰ চৰিত্ৰত অভিনয় কৰিছিল।
অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত নিপন গোস্বামীক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰিছিল।
এইগৰাকী প্ৰবীণ অভিনেতা তথা পৰিচালকে ইহলীলা সম্বৰণ কৰাত ম্ৰিয়মান সমগ্ৰ অসমবাসী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|