বৰ্তমান গুৱাহাটী মহানগৰৰ GNRC ত চিকিৎসাধীন ৰাজ্যৰ বিশিষ্ট অভিনেতা গৰাকী বৰ্তমান গুৱাহাটী মহানগৰৰ GNRC ত চিকিৎসাধীন ৰাজ্যৰ বিশিষ্ট অভিনেতা গৰাকী মঙলবাৰে হঠাৎ শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে ৰাজ্যৰ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী। দিনৰ ভাগত বাথ ৰূমত থকা অৱস্থাত হঠাৎ অসুস্থ হৈ মজিয়াত ঢলি পৰে অভিনেতাগৰকী। পিছত পৰিয়ালৰ লোকৰ তৎপৰতাত ততাতৈয়াকৈ মহানগৰৰ আগশাৰীৰ চিকিৎসালয় GNRC ত ভৰ্তি কৰা হয় অভিনেতাজনক। বৰ্তমান চিকিৎসালয়খনৰ আই চি ইউত ৰখা হৈছে বুলি জানিব পৰা গৈছে নিপন গোস্বামীক। উৰুত আগাত পাইছে অভিনেতাগৰকীয়ে। চিকৎসকৰ মতে বৰ্তমান তেঁওৰ স্বাস্থ্যৰ অৱস্থা সংকট মুক্ত অৱস্থাত আছে যদিও এই কেইদিনতে নিপন গোস্বামীক এক এষ্ট্ৰোপচাৰ কৰা হ’ব বুলি জানিবলৈ দিছে চিকিৎসকে।
Published by: Dulu Medhi
First published: June 12, 2019, 08:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|