உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফৰ দেহাৱসান

    প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফৰ দেহাৱসান

    আব্দুল লতিফৰ মৃত্যুত অসম ফুটবল সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

    আব্দুল লতিফৰ মৃত্যুত অসম ফুটবল সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

    আব্দুল লতিফৰ মৃত্যুত অসম ফুটবল সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

    • Share this:
    প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ আব্দুল লতিফৰ দেহাৱসান। ছিনিয়ৰ পৰ্য্যায়ত সৰ্বাধিক সময় ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা আব্দুল লতিফৰ সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত আব্দুল লতিফৰ বয়স আছিল ৭৩ বছৰ।

    ১৯৪৭ চনত বাংগালুৰুত জন্মলাভ কৰা আব্দুল লতিফ হ’ল অসমৰ জোঁৱাই। দেশৰ প্ৰখ্যাত খেলুৱৈ পি কে বেনাৰ্জী, মেৱালাল, চুনি গোস্বামীৰ সৈতে ভাৰতীয় ছিনিয়ৰ দলক প্ৰতিনিধিত্ব কৰিছিল। আব্দুল লতিফে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে আন্তঃৰাষ্ট্ৰীয় মাৰ্ডেকা কাপৰ উপৰি ১৯৭০ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।

    আব্দুল লতিফৰ মৃত্যুত অসম ফুটবল সন্থাই গভীৰ শোক প্ৰকাশ কৰে। অতি দুখৰ বিষয় এইটোৱেই যে এমাহ পূৰ্বে আব্দুল লতিফৰ পুত্ৰ প্ৰাক্তন ক্ৰিকেটাৰ আছিফ লতিফৰো মাত্ৰ ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
    Published by:Sanjay Kumar Das
    First published: