ৰাজ্যখনত বানপানীত কৃষক তথা পশুপালক অশেষ ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালকৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অবহেলাৰ বাবে পশুপালক সকলে যথেষ্ট ক্ষতিগ্ৰস্ত আৰু বিপদগ্ৰস্ত হৈছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এখন ৰাজ্যিক পশু চিকিৎসালয়ত পোন্ধৰ বছৰে নাই চিকিৎসক, কৰ্মচাৰী। ভূত বাংলোত পৰিণত হৈছে ৰাজ্যিক পশু চিকিৎসালয়খন।
অসম বংগ সীমান্ত তথা ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অধীনস্থ বিটিএডিৰ বৰ্হিভূত ৩৫ খন গাওঁ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কুৰিখনতকৈ অধিক গাঁৱৰ কৃষক আৰু পশু পালকে পোন্ধৰ বছৰ ধৰি পশুধন চিকিৎসাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছে।
স্থানীয় কৃষক মহিদুল ইছলাম আক্ষেপেৰে জানিবলৈ দিয়ে ২০০৩ চনত বিটিএডি গঠন হোৱাৰ পাছত কোকৰাঝাৰ জিলাৰ পৰা তামাৰহাটৰ ৩৫ খন গাঁও বিটিএডিৰ পৰা ধুবুৰী জিলাত সংলগ্ন কৰি দিয়া হৈছিল। এই ৩৫ খন গাঁও ধুবুৰী জিলাত সংলগ্ন হোৱাৰ পিছত হাতীধূৰাত থকা হাতীধূৰা ৰাজ্যিক পশু চিকিৎসালয়ত কৰ্তব্যত নিয়োজিত হৈ থকা চিকিৎসক আৰু আন কৰ্মচাৰীক বিটিচি চৰকাৰে বিটিএডিলৈ বদলি কৰি লৈ যায় । তেতিয়াৰ পৰাই বৃহত্তৰ কৃষি প্ৰধান তামাৰহাট অঞ্চলত থকা হাতীধূৰা ৰাজ্যিক পশু চিকিৎসালয়ত এজনো চিকিৎসক তথা কৰ্মচাৰী নাই।
![]()
আন এজন কৃষক নিমাই চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে, ধুবুৰী জিলাৰ বিভাগীয় কৰ্তৃপক্ষই পশু চিকিৎসালয়খনত চিকিৎসক আৰু কৰ্মচাৰী নিয়োগ কৰিব লাগিছিল যদিও চিকিৎসক কৰ্মচাৰী নিয়োগ নকৰাত পশু চিকিৎসালয়খন বৰ্তমান একেবাৰে জহিখহি গৈছে। হাবি-জংঘলে আৱৰি ধৰিছে। সেইদৰে কৰ্মচাৰী থকা আবাস গৃহ একেদৰে জহি-খহি গৈছে।
![]()
বৃহত্তৰ অঞ্চলত নব্বৈ শতাংশ কৃষিৰ লগত জৰিত আৰু প্ৰতিটো পৰিয়ালে পশুধন পালন কৰি আহিছে। পশুধনৰ বেমাৰ আজাৰ হ'লে কৃষক তথা পশুপালক সকলে ২৫/৩০ কিলোমিটাৰ নিলগত গোসাইগাঁও, গোলকগঞ্জ অথবা পশ্চিম বংগৰ বক্সিৰহাটত পশুধন চিকিৎসাৰ বাবে নিব লাগে। আনহাতে অঞ্চলটোত কোনো চিকিৎসালয় নথকাৰ ফলত প্ৰতিবছৰে বহু পশুধনৰ মৃত্যূ হোৱাত খেতিয়ক বা পশু পালক সকল আৰ্থিকভাৱে জুৰুলা হোৱাৰ লগতে কৃষি কামত বাধাৰ সন্মুখীন হৈ আহিছে। আনহাতে বাৰিষা আহিলেই পশু পালক সকলে পশুৰ বেমাৰ আজাৰৰ আশংকাত দিন পাৰ কৰিব লগা হৈছে।
স্থানীয় পশু পালক তথা কৃষকে এই বিষয়ে বহু আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এনেদৰে পোন্ধৰটা বছৰ পশু চিকিৎসক তথা আন কৰ্মচাৰী অবিহনে আছে পশু চিকিৎসালয়খন। ফলত পশু চিকিৎসালয়ৰ ঘৰ, আৱাস গৃহ বোৰ জহি-খহি ভূত বংলোত পৰিণত হৈছে। তথাপি নীৰব চৰকাৰ, বিভাগীয় কতৃপক্ষ। অঞ্চলটোৰ ৰাইজে দুখীয়া খেতিয়ক আৰু পশু পালক সকলৰ সুবিধাৰ্থে এই পশু চিকিৎসালয়খন মেৰামতি কৰি অনতিপলমে চিকিৎসক নিয়োগ কৰাৰ বাবে দাবী জনাইছে কৰ্তৃপক্ষ তথা চৰকাৰখনক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|