আসন্ন পৌৰসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলোৰ হৈ প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে হাইলাকান্দিত উপস্থিত হয় ৰাজ্যৰ খাদ্য অসামৰিক যোগান বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস। হাইলাকান্দিত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী ৰঞ্জিত দাসক এক বাইক ৰেলীৰে স্বাগতম জনাই দলীয় কৰ্মীসকলে।
তাৰ পিছতে এখন জনসভাত অংশ লয় মন্ত্ৰী ৰঞ্জিত দাসে । কিন্তু এই সভাখনত সাধাৰণ ৰাইজৰ উপস্থিতি আছিলে তেনেই নগণ্য। কেৱল মাত্ৰ কেইগৰাকীমান দলীয় কৰ্মী সমৰ্থকৰ সন্মুখতে নিজৰ বক্তব্য সামৰিব লগা হয় মন্ত্ৰী ৰঞ্জিত দাসে।
মন্ত্ৰীয়ে ভাষণ প্ৰদান কৰাৰ সময়তো অধিকাংশ চকীত নাছিলে কোনো লোক। ইপিনে, সভাৰ পিছতে সংবাদ মাধ্যমৰ আগতে মন্তব্য আগবঢ়াই মন্ত্ৰী ৰঞ্জিত দাসে হাইলাকান্দি পৌৰসভাৰ বিগত বোৰ্ডৰ বিৰুদ্ধ দুৰ্নীতিৰ অভিযোগ থকাৰ কথা উত্থাপন কৰি অতি সোনকালে ইয়াৰ তদন্ত হ'ব বুলি মন্তব্য কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|