২০-৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ চকুত চকুলো ৷ কান্দি কান্দি মুখ্যমন্ত্ৰীক পদ প্ৰাদেশীকৰণৰ কাতৰ আহ্বান।
২০-৩০ বছৰ বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ চকুত চকুলো ৷ কান্দি কান্দি মুখ্যমন্ত্ৰীক পদ প্ৰাদেশীকৰণৰ কাতৰ আহ্বান।
৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯,৭০১ জন শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহু সংখ্যক শিক্ষক বাদ পৰি ৰৈছিল।
৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯,৭০১ জন শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহু সংখ্যক শিক্ষক বাদ পৰি ৰৈছিল।
দক্ষিণ কামৰূপৰ সোণতলী মাহতলী প্ৰেক্ষাগৃহত সংবাদমেলৰ আয়োজন কৰিছিল হিন্দী, এৰাবিক আৰু একাংশ বঞ্চিত সহকাৰী শিক্ষকসকলে ৷ চাকৰিৰ পৰা বঞ্চিত শিক্ষকসকলে নিযুক্তি পোৱাৰ আশা কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৷
উল্লেখ্য যে, দক্ষিণ কামৰূপৰ ছমৰীয়া আৰু বকো খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই সকল বঞ্চিত ভেঞ্চাৰ শিক্ষকে চলিত বাজেট অধিৱেশনতে তেওঁলোকৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰিবলৈ অনুৰোধ জনাইছে ৷
যোৱা ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৯,৭০১ জন শিক্ষকক নিযুক্তি প্ৰদান কৰিছিল যদিও বহু সংখ্যক শিক্ষক বাদ পৰি ৰৈছিল। সেয়ে বাজেট অধিবেশন চলি তকাৰ সময়তে বঞ্চিত শিক্ষকসকলে সংবাদমেলৰ আয়োজন কৰি আহ্তবান জনইছে মুখ্যমন্ত্ৰীক। শিক্ষকৰ পদ প্ৰাদেশীকৰণ নহলে আত্মহত্যা কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব বুলিও দুখ প্ৰকাশ কৰে।