ডিগবৈত নিশা দপদপকৈ জ্বলি উঠিল বাহন, ৰাজপথত হুৱাদুৱা

News18 Assam | News18-Assam
Updated:July 17, 2020, 9:59 AM IST
ডিগবৈত নিশা দপদপকৈ জ্বলি উঠিল বাহন, ৰাজপথত হুৱাদুৱা
নিশা ৰখাই থোৱা ট্ৰেভেৰা বাহনখন অকস্মাতে দপদপাই জ্বলি উঠাত হুৱাদুৱাৰ সৃষ্টি হয়।

নিশা ৰখাই থোৱা ট্ৰেভেৰা বাহনখন অকস্মাতে দপদপাই জ্বলি উঠাত হুৱাদুৱাৰ সৃষ্টি হয়।

  • Share this:
তৈলনগৰী ডিগবৈত চহৰৰ ভাৰতীয় তেল নিগম, অসম তেল সংমণ্ডলৰ অধীনস্থ ডিগবৈ তৈল শোধনাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত ৰখাই থোৱা AS 23 BC 5999 নম্বৰৰ এখন ট্ৰেভেৰা বাহন নিশা হঠাৎ ৰাজপথত দপদপকৈ জ্বলি যোৱা ঘটনাক  লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা অনুসৰি, বাহনখন ডিগবৈ শোধনাগাৰত সুবিৰ সূত্ৰধৰ নামৰ লোকজনে নিবিদাৰ জৰিয়তে ঠিকাভিত্তিকভাৱে নিয়োজিত কৰাছিল। বিষয়াসকলক অনা–নিয়াৰ বাবে ব্যৱহাৰ কৰিছিল বাহনখন।

নিশা ৰখাই থোৱা ট্ৰেভেৰা বাহনখন অকস্মাতে দপদপাই জ্বলি উঠাত হুৱাদুৱাৰ সৃষ্টি হয়।  লগে লগে অগ্নি নিৰ্বাপক বাহিনীক আই অ’ চিৰ কৃৰ্তপক্ষৰ তৰফৰ পৰা খবৰ দিয়াত, ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি বাহনখনৰ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও বাহনখন জ্বলি শেষ হয়। যান্ত্ৰিক বিজুতিৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাৰ সময়ত বাহনখনত কোনো লোক নাছিল।
Published by: Sanjay Kumar Das
First published: July 17, 2020, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি