সামান্য কথাতে হাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক নৃশংস হত্যা, অভিযুক্ত ফাইজুল আলী আৰু গেং পলাতক

ঘটনাৰ অভিযুক্ত ফাইজুল আলী, সবিৰ আলী, ইউছুব আলী আৰু ফিৰজাহান আলী সকলো পলাতক হৈ আছে।
ঘটনাৰ অভিযুক্ত ফাইজুল আলী, সবিৰ আলী, ইউছুব আলী আৰু ফিৰজাহান আলী সকলো পলাতক হৈ আছে।
- News18 Assam
- Last Updated: May 24, 2020, 10:39 PM IST
প্ৰকাশ কৰা মতে, তেতেলীয়া গাঁৱৰ সনাতন ডেকাই এটা ফেক্টৰীত কাম কৰিছিল কিন্তু লকডাউনত ফেক্টৰী বন্ধ হৈ থকাত চাইকেলত পাচলি বিক্ৰী কৰি আৰ্থিক দুৰৱস্থাৰে যুঁজ দিয়াৰ চেষ্টা কৰিছিল।
অভিযোগ মতে, এনেকৈ পাচলি বিক্ৰী কৰি থকা অৱস্থাত দুৰ্ঘটনাৱশতঃ সনাতন ডেকাৰ চাইকেলখনে এখন গাড়ীত খুন্দা মাৰে যিখন গাড়ীত ফাইজুল আলী আৰু লাজলিল আলী নামৰ ব্যক্তিদুজনে ভ্ৰমণ কৰিছিল। খঙত একো নাই হৈ সনাতন ডেকাক দুয়ো মাৰপিট কৰিবলৈ আৰম্ভ কৰে। গাড়ীত লগা সামান্য দাগটোত ইমানেই ৰুষ্ট হৈ পৰে যে দুয়ো সনাতন ডেকাক মাৰিবলৈ আৰু কেইবাজনো ব্যক্তিক মাতি আনে। সেইমতে সবিৰ আলী, ইউছুব আলী আৰু ফিৰজাহান আলী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ভগীয়া পাচলি ব্যৱসায়ী জনক ইমানেই বেয়াকৈ মাৰ ধৰ কৰি তাতেই পেলাই থৈ সেই ঠাই ত্যাগ কৰে আটাইকেইজনে। স্থানীয় ৰাইজে সনাতন ডেকাক হাস্পতালত ভৰ্তি কৰায় যদিও তেওঁ এঘণ্টাৰ ভিতৰতে প্ৰাণ ত্যাগ কৰে।