ৰেড জ’নৰ পৰা উজনিৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈছে শাক-পাচলি! আৰক্ষী-প্ৰশাসনৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি

News18 Assam | News18-Assam
Updated:April 25, 2020, 9:23 PM IST
ৰেড জ’নৰ পৰা উজনিৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈছে শাক-পাচলি! আৰক্ষী-প্ৰশাসনৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি
উজনি অসমৰ বিভিন্ন স্থানত বিগত কিছুদিনত দেখিবলৈ পোৱা গৈছে পাচলিৰ সন্ত্ৰাস!

উজনি অসমৰ বিভিন্ন স্থানত বিগত কিছুদিনত দেখিবলৈ পোৱা গৈছে পাচলিৰ সন্ত্ৰাস!

  • Share this:
উজনি অসমৰ বিভিন্ন স্থানত বিগত কিছুদিনত দেখিবলৈ পোৱা গৈছে পাচলিৰ সন্ত্ৰাস! অসমৰ ৰেড জ’নসমূহৰ পৰা বিভিন্ন ঠাইলৈ সৰবৰাহ হৈ থকা পাচলিক লৈ বহু লোক আতংকিত হৈ পৰাৰ লগতে আৰক্ষী আৰু প্ৰশাসনৰ লোকো এতিয়া ব্যস্ত হৈ পৰিবলগীয়া হৈছে।

দৰাচলতে বিগত কিছুদিনৰ পৰা শাক-পাচলিক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে যোৰহাটৰ লগতে উজনিৰ বিভিন্ন ঠাইত। যোৰহাট জিলালৈ বাহিৰৰ পৰা পাচলি সৰবৰাহ কৰাটো প্ৰশাসনে নিষিদ্ধ কৰি থৈছে। উজনি অসমৰ বিভিন্ন ঠাইলৈও ৰেড জ’নৰ পৰা পাচলি সৰবৰাহ কৰিবলৈ দিয়া হোৱা নাই। আৰু এনে সময়তে পাচলি সৰবৰাহ কৰা গাড়ী আৰক্ষী-প্ৰশাসনৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি।

চোৰাং সামগ্ৰী সৰবৰাহ কৰা গাড়ীৰ দৰেই তালাচী চলিছে পাচলি সৰবৰাহ কৰা গাড়ীত। আৰক্ষীয়ে এনে গাড়ী জব্দ কৰি গোচৰো ৰুজু কৰিছে। কিন্তু তাৰ পিছতো যোৰহাট তথা উজনি অসমলৈ মধ্য অসমৰ বিভিন্ন ঠাইৰ পৰা পাচলিৰ সৰবৰাহ অব্যাহত আছে ।

কিন্তু যোৰহাটৰ জিলা কৃষি বিভাগৰ তথ্য অনুসৰি ল’কডাউনৰ সময়ছোৱাত যোৰহাটৰ খেতিয়কসকলে পৰ্যাপ্ত শাক-পাচলি উৎপাদন কৰিছে আৰু ইয়াৰে পৰা জিলাখনৰ চাহিদাও পূৰণ হৈছে । যোৰহাটৰ বৰহোলা , নগাবাট , এলেঙমৰা , বাহফলা , ধনখুলৈ আদি স্থানৰ প্ৰায় পাচ হাজাৰ খেতিয়কে ৩২৫০ হেক্টৰ মাটিত উৎপাদন কৰা প্ৰায় 2শ মেট্ৰিকটন শাক-পাচলি লকডাউনৰ সময়ছোৱাত বিগত এমাহত যোৰহাটত বিক্ৰী হৈছে বুলি জানিবলৈ দিছে যোৰহাটৰ জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই ।

কিন্তু যোৰহাটৰ বাহিৰৰ পৰা অনা পাচলিৰ ক্ষেত্ৰত কৃষি বিভাগৰ হাতত তথ্য নাই বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়াগৰাকীয়ে । বৰ্তমান জলকীয়া, জিকা, ভোল, ভাতকেৰেলা , পটল, কুন্দুলি আদি যোৰহাট তথা উজনিৰ বিভিন্ন ঠাইলৈ বাহিৰৰ জিলাসমূহৰ পৰা বিক্ৰীৰ বাবে গাড়ীৰে আহি আছে।

এই পাচলিসমূহ সৰবৰাহৰ তথা বিক্ৰীৰ ক্ষেত্ৰত কৃষি বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাতো অতিকৈ প্ৰয়োজন হৈ পৰিছে। কাৰণ ইয়াৰ ফলত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে খেতিয়কসকল । কৃষি বিভাগৰ পৰিকল্পনাৰ অভাৱৰ ফলত বহু কৃষকৰ ফচল পথাৰতে নষ্ট হোৱাৰ লগতে ৰেড জ’নত নপৰা জিলাসমূহৰ কৃষকসকলো ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।
Published by: Himangshu Bhuyan
First published: April 25, 2020, 9:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি