নগাঁৱত আৰক্ষীৰ প্ৰহাৰত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ মৃত্যু, উত্তপ্ত জাজৰি

আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীৰ লগতে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকচালকৰো আজি পৰ্য্যন্ত সন্ধান উলিয়াব নোৱাৰিলে। ইয়াৰ উপৰিও চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰতো বিফল হৈছে নগাঁও আৰক্ষী। অপৰাধীক নাকী লগাব নোৱাৰা নগাঁও আৰক্ষীয়ে নিৰপৰাধী লোকৰ ওপৰত চলোৱা নিৰ্যাতনক কঠোৰ ভাষাৰে গৰিহণা দিছে সকলোৱে।

- News18 Assam
- Last Updated: June 5, 2020, 1:10 PM IST
জাজৰিৰ কোৱাৰণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত ফণীধৰ বৰা নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক গৰাকীক বুধবাৰে নিশা জাজৰি আৰক্ষীৰ কণিষ্টবল আতিকুৰ ৰহমান আৰু মহেশ শৰ্মাই সাধাৰণ কথাতে থানালৈ চোচৰাই আনি যধে-মধে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় বৰা। মুমূৰ্ষু অৱস্থাত ফণীধৰ বৰাক নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱস্থা অতি জটিল হোৱাৰ বাবে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীলৈ লৈ যোৱা হয়।
কিন্তু দুৰ্ভাগ্যজনক ভাৱে চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে ফণীধৰ বৰাই। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে জাজৰি আৰক্ষী থানাৰ চৌহদ। উত্তেজিত ৰাইজে দোষী আৰক্ষীৰ উচিত শাস্তি বিচৰাৰ লগতে ফণীধৰ বৰাৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। মৃত্যুৰ পূৰ্বলৈকে জাজৰি আৰক্ষী থানাত কেণ্টিন দি জীৱন নিৰ্বাহ কৰিছিল ফণীধৰে। দিনে-নিশাই থানাখনৰ আৰক্ষীক চাহ-ৰুটিৰ যোগান ধৰিছিল। সেইজন ব্যক্তিকে জাজৰি আৰক্ষীয়ে কৰা অমানুসিক অত্যাচাৰৰ ঘটনাক সহজ ভাৱে ল'ব পৰা নাই ৰাইজে।
আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীৰ লগতে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকচালকৰো আজি পৰ্য্যন্ত সন্ধান উলিয়াব নোৱাৰিলে। ইয়াৰ উপৰিও চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰতো বিফল হৈছে নগাঁও আৰক্ষী। অপৰাধীক নাকী লগাব নোৱাৰা নগাঁও আৰক্ষীয়ে নিৰপৰাধী লোকৰ ওপৰত চলোৱা নিৰ্যাতনক কঠোৰ ভাষাৰে গৰিহণা দিছে সকলোৱে।
শুকুৰবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নগাঁও ভ্ৰমণ কৰি আইন-শৃংখলা উন্নত হৈছে বুলি কোৱাৰ সময়তে আৰক্ষীৰ বৰ্বৰতাৰ বাবে এজন নিৰপৰাধী অসমীয়াই প্ৰাণ বিসৰ্জন দিব লগা কাৰ্যই অসম আৰক্ষীত পুনৰ কালিমা সানিলে। ক্ষুদ্ধ ৰাইজে আনকি নগাঁৱৰ আইন-শৃংখলাৰ দায়িত্ব গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকীক পুনৰ পৰ্যালোচনা কৰাৰ বাবেও আহ্বান জনাইছে। উল্লেখযোগ্য যে প্ৰয়াত ফণীধৰ বৰাই হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে জাজৰি ব্যৱসায়ী সন্থাৰ সভাপতি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতো মৃত্যুৰ সময়লৈকে জড়িত আছিল।