• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ তাণ্ডৱ! নতুন নতুন অঞ্চল এতিয়া পানীৰ তলত

গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ তাণ্ডৱ! নতুন নতুন অঞ্চল এতিয়া পানীৰ তলত

শনিবাৰে পুৱাই বানত বুৰিল গুৱাহাটী মহানগৰীৰ বহু অঞ্চল।

শনিবাৰে পুৱাই বানত বুৰিল গুৱাহাটী মহানগৰীৰ বহু অঞ্চল।

শনিবাৰে পুৱাই বানত বুৰিল গুৱাহাটী মহানগৰীৰ বহু অঞ্চল।

  • Share this:
এজাক বৰষুণতে স্তব্ধ গুৱাহাটী মহানগৰীৰ আভিজাত্য। শনিবাৰে মাত্ৰ এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গ'ল মহানগৰীৰ বহু অঞ্চল। নতুন নতুন অঞ্চল এতিয়া পানীৰ তলত।

পূৰ্বতে অনিল নগৰ, নবীন নগৰত কৃত্ৰিম বানৰ ভয়াৱহতা অধিক আছিল। কিন্তু এতিয়া নতুন নতুন স্থানতো কৃত্ৰিম বান হোৱা দেখিবলৈ পোৱা গৈছে। বানত বুৰ গল হাতীগাওঁ, চানমাৰি, ভঙাগড় অঞ্চল।



ইফালে দেওবাৰলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। অসমৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে নিশাৰ পৰা ধাৰাবাহিক বৰষুণ হৈ আছে, যাৰ ফলত পানী জমা হৈছে। ৰাস্তাত পানী জমা হোৱাৰ বাবে, মানুহৰ চলাচলত অসুবিধা হৈছে। ৰাস্তা় পানীৰে ভৰি পৰিছে। তেলেংগানা, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামক পৰৱৰ্তী পাঁচ দিনৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। অসম আৰু মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: