• Home
  • »
  • News
  • »
  • assam
  • »
  • Vanity Vehicle in Assam: বলীউড ষ্টাৰে ব্যৱহাৰ কৰা ভেনিটি বাহন অসম বিধানসভাৰ চৌদহত, কোনে আনিলে এই বাহন?

Vanity Vehicle in Assam: বলীউড ষ্টাৰে ব্যৱহাৰ কৰা ভেনিটি বাহন অসম বিধানসভাৰ চৌদহত, কোনে আনিলে এই বাহন?

এই গাড়ীখনক লৈ এতিয়া বিৰোধীয়েও চৰ্চা আৰম্ভ কৰিছে।

এই গাড়ীখনক লৈ এতিয়া বিৰোধীয়েও চৰ্চা আৰম্ভ কৰিছে।

এই গাড়ীখনক লৈ এতিয়া বিৰোধীয়েও চৰ্চা আৰম্ভ কৰিছে।

  • Share this:
গ'লফ ক'ৰ্টৰ পিছত অসম বিধানসভাত চৌহদত ভেনিটি বাহন। বাহনখন দেখিলে সকলোৰে মনলৈ এটাই কথা আহিব।বিধানসভাত কোনো বলীউডৰ ছুপাৰষ্টাৰৰ শ্বুটিং চলি আছে! কিন্তু নহয়। এইবাৰ মন্ত্ৰী-বিধায়কৰ লগতে VIP আৰু VVIP বহিব এনে ব্যয়বহুল বাহনত।

ৰাষ্ট্ৰপতিৰ অসম আগমনৰ বাবে ভাৰতীয় সেনাই ট্ৰায়েলৰ বাবে প্ৰেৰণ কৰিছে এই বাহনখন। ২৯ এপ্ৰিলত তামুলপুৰত হ'বলগীয়া বড়ো সাহিত্যলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ৰাষ্ট্ৰপতিগৰাকীয়ে কিছু জিৰণি লোৱাৰ বাবে বিধানসভাৰ পৰা বি টি আৰলৈ লৈ যোৱা হ'ব ভেনিটি বাহনখন। VIP আৰু VVIP ৰ ব্যয় সংকোচন কৰাৰ বাবে অনা এই বাহনখনৰ ভিতৰত আছে এটা ৰেষ্ট ৰুম, এটা বাথৰুম আৰু এটা সৰু পাকঘৰ। ইয়াৰ উপৰি ছয়ৰ পৰা সাতজন লোকে বহি আলোচনা কৰিব পৰাৰ ব্যৱস্থা আছে বাহনখনত (Vanity Vehicle in Assam)।

ৰাষ্ট্ৰপতিৰ পিছত পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ যিকোনো বিশাল অনুষ্ঠানত ব্যৱহাৰ কৰা হ'ব বাহনখন। ৰাজ্য চৰকাৰৰ ব্যয় কমোৱাৰ বাবে অনা বাহনখন কিমান VIP আৰু VVIPয়ে ব্যৱহাৰ কৰিব, সেয়া সময়তহে হ'ব লক্ষণীয়।

উল্লেখযোগ্য যে এই গাড়ীখনক লৈ এতিয়া বিৰোধীয়েও চৰ্চা আৰম্ভ কৰিছে। এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ মতে,  গ'ল্ফ কাৰ্ট অহালৈ ঠিকেই আছিল। কিন্তু ভেনিটি ভান অলপ বেছি হ'ল।

আনহাতে, বিধানসভাৰ বাহিৰে-ভিতৰে চৰ্চা চলি আছে এই সমূহত ধন খৰচ কৰাতকৈ নিবনুৱাক সহায় কৰা উচিত। আনহাতে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কয়- ''যিসময়ত মানুহে খাবলৈ পোৱা নাই, সেই সময়ত ভেনিটি ভেন আনিছে, এতিয়া মন্ত্ৰী-বিধায়কে তাত গৈ কি মেকআপ কৰিব নেকি?''।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি