মুখ্যপৃষ্ঠা »খবৰ »অসম »Vande Bharat Express: উত্তৰ পূৰ্বাঞ্চলত ১৪ এপ্ৰিলৰ পৰা চলিব প্ৰথমখন বন্দে ভাৰত ৰে’ল; গুৱাহাটীৰ পৰা নিউ জলপাইগুৰীলৈ চলিব এই ৰে’লখন

Vande Bharat Express: উত্তৰ পূৰ্বাঞ্চলত ১৪ এপ্ৰিলৰ পৰা চলিব প্ৰথমখন বন্দে ভাৰত ৰে’ল; গুৱাহাটীৰ পৰা নিউ জলপাইগুৰীলৈ চলিব এই ৰে’লখন

মধ্যপ্ৰদেশৰ ৰাণীকমলাবতী ৰ পৰা দিল্লী ৰাজস্থানৰ জয়পুৰৰ পৰা দিল্লী আদিকে ধৰি একাধিক বন্দে ভাৰত ট্ৰেন এপ্ৰিল মাহতে যাত্ৰা আৰম্ভ কৰিব।

মধ্যপ্ৰদেশৰ ৰাণীকমলাবতী ৰ পৰা দিল্লী ৰাজস্থানৰ জয়পুৰৰ পৰা দিল্লী আদিকে ধৰি একাধিক বন্দে ভাৰত ট্ৰেন এপ্ৰিল মাহতে যাত্ৰা আৰম্ভ কৰিব।

মধ্যপ্ৰদেশৰ ৰাণীকমলাবতী ৰ পৰা দিল্লী ৰাজস্থানৰ জয়পুৰৰ পৰা দিল্লী আদিকে ধৰি একাধিক বন্দে ভাৰত ট্ৰেন এপ্ৰিল মাহতে যাত্ৰা আৰম্ভ কৰিব।

  • Share this:
উত্তৰ পূৰ্বাঞ্চলত অহা ১৪ এপ্ৰিলৰ পৰা প্ৰথমখন বন্দে ভাৰত ৰে’ল চলিব। এই দিনটোত দেশৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উপস্থিত থাকি এই ঐতিহাসিক ঘটনাৰ সাক্ষী হ’ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰীলৈ চলিবলগীয়া এই বন্দে ভাৰত ট্ৰেনখনে ৬ ঘন্টা ১৫ মিনিটতে ৪১১ কিলমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। শিলিগুৰী অৰ্থাৎ NJP ৰ পৰা পুৱা ৬ বাজি ১৫ মিনিটত যাত্ৰা আৰম্ভ কৰি ৭ বাজি ৫১ মিনিটত  নিউ কোচবিহাৰ পাব। ইয়াৰ পিছত ৯ বজাত কোকৰাঝাৰ, ৯ বাজি ৫০ মিনিটত নিউ বঙাইগাওঁ  ১১ বাজি ১০ মিনিটত ৰঙিয়া হৈ ১২ বাজি ৩০ মিনিটত গুৱাহাটীত উপস্থিত হ’ব। আনহতে, উভতনী যাত্ৰাত দিনৰ ১ বাজি ৩০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি ২ বাজি ১৮ মিনিটত ৰঙিয়া,  ৩ বাজি ৫৪ মিনিটত নিউ বঙাইগাঁও, ৪ বাজি ১৯ মিনিটত কোকৰাঝাৰ, ৫ বাজি ২৬ মিনিটত নিউ কোচবিহাৰ হৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত ৰে’লখনৰ গন্তব্যস্থান নিউ জলপাইগুৰীত প্ৰৱেশ কৰিব।

এই নতুন বন্দে ভাৰত ট্ৰেনখনে পৰ্যটনৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। এফালে কামাখ্যা মন্দিৰ আৰু কাজিৰঙা যোৱাৰ ক্ষেত্ৰত উত্তৰ বংগৰ পৰ্যটকৰ যিদৰে সুবিধা হ’ব ঠিক সেইদৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ডাৰ্জিলিং আৰু গেংটক যোৱাৰ ক্ষেত্ৰত যাত্ৰীসকলে অতি কম সময়ত এক মনোমোহা যাত্ৰা উপভোগ কৰিব পাৰিব।

উল্লেখযোগ্য যে, সপ্তাহত ছয় দিন গুৱাহাটী-নিউ জলপাইগুৰী ৰে’ল চলিব বুলি জানিব পৰা গৈছে। কিন্তু সোমবাৰে বন্ধ থাকিব এই ৰে’ল চলাচল।

ইয়াৰোপৰিও দেশত অতি সোনকালে বন্দে ভাৰত এক্সপ্ৰেছৰ আন কিছুমান নতুন পথ লাভ আৰম্ভ হ’ব। বন্দে ভাৰত পশ্চিম বংগৰহাওৰাৰ পৰা বাৰাণসী পথত চলিব। সূত্ৰৰ পৰা জানিব পৰা মতে, ৰে’ল কৰ্তৃপক্ষই হাওৰাৰ পৰা বন্দে ভাৰত  একাধিক  পথত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

মন কৰিবলগীয়া যে, মধ্যপ্ৰদেশৰ ৰাণীকমলাবতী ৰ পৰা দিল্লী ৰাজস্থানৰ জয়পুৰৰ পৰা দিল্লী আদিকে ধৰি একাধিক বন্দে ভাৰত ট্ৰেন এপ্ৰিল মাহতে যাত্ৰা আৰম্ভ কৰিব।

শেহতীয়া বাতৰি