• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি ভেলেন্টাইন দ্যে! অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীত আজিও জ্বিলিকি আছে গদাধৰ সিংহ আৰু ডালিমীৰ অমৰ প্ৰেমগাথা

আজি ভেলেন্টাইন দ্যে! অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীত আজিও জ্বিলিকি আছে গদাধৰ সিংহ আৰু ডালিমীৰ অমৰ প্ৰেমগাথা

আজি প্ৰেমৰ দিৱস। চেইণ্ট ভেলেণ্টাইনৰ অমৰ প্ৰেমগাথাক চানেকি হিচাপে লৈ বিশ্ব‌ই পালন কৰে প্ৰেমৰ দিৱস-ভেলেণ্টাইন দ্যে। পিছে এইখন অসমতো আছে এক অমৰ প্ৰেমগাথা।

আজি প্ৰেমৰ দিৱস। চেইণ্ট ভেলেণ্টাইনৰ অমৰ প্ৰেমগাথাক চানেকি হিচাপে লৈ বিশ্ব‌ই পালন কৰে প্ৰেমৰ দিৱস-ভেলেণ্টাইন দ্যে। পিছে এইখন অসমতো আছে এক অমৰ প্ৰেমগাথা।

আজি প্ৰেমৰ দিৱস। চেইণ্ট ভেলেণ্টাইনৰ অমৰ প্ৰেমগাথাক চানেকি হিচাপে লৈ বিশ্ব‌ই পালন কৰে প্ৰেমৰ দিৱস-ভেলেণ্টাইন দ্যে। পিছে এইখন অসমতো আছে এক অমৰ প্ৰেমগাথা।

  • Share this:
আজি প্ৰেমৰ দিৱস। চেইণ্ট ভেলেণ্টাইনৰ অমৰ প্ৰেমগাথাক চানেকি হিচাপে লৈ বিশ্ব‌ই পালন কৰে প্ৰেমৰ দিৱস-ভেলেণ্টাইন দ্যে। পিছে এইখন অসমতো আছে এক অমৰ প্ৰেমগাথা। তাহানিৰ আহোম ৰজা গদাপাণি আৰু ডালিমী অৰ্থাৎ নাপে ৱাংচাৰ অমৰ প্ৰেম কাহিনী আজিও জীৱন্ত হৈ আছে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীৰ নাপে ৱাংচাৰ মৈডামক্ষেত্ৰত।এতিয়াও এই অমৰ প্ৰেমক লৈ অৰুণাচলৰ ৱাংচো জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আছে বিভিন্ন প্ৰবাদ।

অসম-অৰুণাচল সীমান্তৰ কানুবাৰীৰ নাপে ৱাংচাৰ মৈডাম তথা সমাধিয়ে আহোম স্বৰ্গদেউ গদাধৰ সিংহ আৰু ৱাংচো নগা কুঁৱৰী ডালিমী অৰ্থাৎ নাপে ৱাংচাৰ প্ৰেমৰ চানেকিয়ে যুগ যুগ ধৰি টনকিয়াল কৰি আহিছে দুখন ৰাজ্যৰ মাজত ভাতৃত্ববোধৰ সম্পৰ্ক।আজিও অৰুণাচলী ৱাংচো জনগোষ্ঠীয়ে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কানুবাৰীত সংৰক্ষণ কৰি ৰাখিছে নাপে ৱাংচাৰ মৈডাম তথা সমাধি।

আহোম স্বৰ্গদেউ গদাপাণি অৰ্থাৎ গদাধৰ সিংহৰ নাম সৰ্বজনবিদিত। লোক বিশ্বাস অনুসৰি, লালোখোলা বৰফুকনৰ পৰোচনাত ল'ৰা ৰজা চুলিকফাৰ শাসন কালত প্ৰাণ ৰক্ষাৰ লগতে আহোম সিংহাসনত অধিষ্ঠিত হৈ সু-শাসন দিয়া বাবে চুবুৰীয়া ৰাজ্যৰ পাহাৰে-পাহাৰে অৰঙে-দৰঙে পলাই ফুৰিবলগীয়া হৈছিল স্বৰ্গদেউ গদাধৰ সিংহ। তেনে এক  প্ৰেক্ষাপটতেই চাৰি চকুৰ মিলনত প্ৰেম হৈছিল তাহানিৰ ৰুণু গাঁৱৰ এতিয়া বানফেৰা গাঁৱৰ ৱাংচো ৰজাৰ ৰাজকোৱঁৰী নাপে ৱাংচা অৰ্থাৎ ৰুণু ৰাজকুমাৰীৰ সৈতে।

ৱাংচোসকলৰ মাজত আজিও প্ৰচলিত যে, গদাধৰ সিংহৰ সন্মুখত নাপে ৱাংচাৰ আটাইকেইজনী বাই-ভনীৰে মুখত ছাই সানি দেখা দিছিল, কিন্তু গদাধৰ সিংহই নিজৰ প্ৰেমাস্পদ নাপে ৱাংচাক চিনাক্ত কৰি উলিয়াইছিল। আৰু কালক্ৰমত গদাধৰ সিংহই আহোম ৰাজ্যৰ  শাসনভাৰ গ্ৰহণ কৰাৰ পিছত এইগৰাকী ৰুণু ৰাজকুমাৰী অৰ্থাৎ নাপে ৱাংচা তথা ৱাংচোসকলৰ সৈতে যাওতিযোগীয়া সম্পৰ্ক অব্যাহত ৰাখিছিল।

উল্লেখ্য যে, ৱাংচো ৰাজকুমাৰী তথা ৰাজকুঁৱৰী নাপে ৱাংচাৰ শেষ ইচ্ছা আছিল যে তেওঁৰ মৃত্যুৰ পাছত মৃতদেহটো নিজৰ পিতৃৰ ৰাজ্যত আৰু তাহানিৰ আহোম ৰাজ্যৰ সীমাত সমাধিস্থ কৰাৰ। আৰু এই সমাধি ক্ষেত্ৰই ইতিহাসৰ স্বাক্ষৰ বহন কৰি আহিছে।

কিন্তু  প্ৰশ্ন উত্থাপিত হয় যে, এই মৈডাম তথা সমাধিক্ষেত্ৰ‌ই যুগ যুগ ধৰি এক  ইতিহাসৰ স্বাক্ষৰ বহন কৰি দুখন চুবুৰীয়া ৰাজ্য তথা দুটা জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ চানেকি বহন কৰি ৰাখিছে যদিও ৰজাঘৰীয়া তথা পুৰাতত্ত্ব বিভাগে মৈডামক্ষেত্ৰ তথা উদ্যানখনৰ ওপৰত যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল ,আজিকোপতি তেনেকুৱা একো হৈ উঠা নাই।
Published by:Himangshu Bhuyan
First published: