আজি গুৱাহাটীত ১৫ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলৰ বাবে কোভিড টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘দুটা বছৰ ধৰি আমি কোভিডৰ লগত যুঁজি আছো। এই যুঁজত বহুত হেৰুৱাইছো। কোনোবা পিতৃহাৰা, কোনোবা মাতৃহাৰা কোনোবা সন্তানহাৰা হৈছে। গোটেই ৰাজ্যত পাঁচশ শিক্ষানুষ্ঠানত এই ভেকচিন দিয়া হৈছে। এক লাখ শিক্ষাৰ্থীক ভেকচিন দিয়াৰ টাৰ্গেট লৈছো। ৯ জানুৱাৰীৰ ভিতৰত সকলো শিক্ষানুষ্ঠানত ভেকচিন প্ৰদান কৰা হ’ব।’’
সাতদিনৰ ভিতৰত ভেকচিন সম্পন্ন কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে
ভয় কৰাৰ প্ৰয়োজন নাই। আজি লোৱাসকলক দ্বিতীয় পালি ৩, ৪, ৫ ফেব্ৰুৱাৰীৰ ভিতৰত দিয়া হ’ব।
অসমত ৩ কোটি ৭৪ লাখ ৮০ হাজাৰ অসমত ভেকচিন দিয়া হৈছে বুলি মন্তব্য কৰে কেশৱ মহন্তই। ইয়াৰে প্ৰথম পালি ২ কোটি ১৭ লাখক দিয়া হৈছে আৰু দ্বিতীয় পালি দিয়া হৈছে
১ কোটি ৫৯ লাখক।১৫ৰ পৰা ১৮ বছৰৰ ২০ লাখ যুৱক–যুৱতীক লক্ষ্য হিচাপে লোৱা হ’ব।
প্ৰথমে শিক্ষানুষ্ঠানত দিয়া হ’ব। উপায়ুক্ত সকলক দায়িত্ব দিয়া হৈছে। ৭ দিনৰ ভিতৰত সকলো শিক্ষানুষ্ঠানতে ভেকচিনেচন কাৰ্যসূচী সমাপ্ত কৰা হ'ব। মাৰ্চৰ পৰীক্ষাৰ পূৰ্বে দুয়ো পালি ভেকচিন দিয়া হ'ব। ব্যক্তিগত, চৰকাৰী সকলো শিক্ষানুষ্ঠানতে দিয়া হ'ব ভেকচিন।
মন্ত্ৰী কেশৱ মহন্তই কয়, বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰ সকলোতে অস্বাভাৱিক ধৰণে বৃদ্ধি লৈছে কোভিড আক্ৰান্তৰ সংখ্যা। অমিক্ৰণক লৈ আমি সতৰ্ক হৈ আছো। ইয়াক লৈ ভয় খোৱাৰ প্ৰয়োজন নাই। সাৱধান হওক।
স্কুল–কলেজ বন্ধ নহয় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। ১০০০ আইচিইউ বেড সাজু হৈ আছে। ৯০০০ বিচনা সাজু হৈ আছে। একেদিনাই ২৫০০০ বিচনা সাজু কৰিব পৰা ব্যৱস্থা আছে। আমি সম্পূৰ্ণ সাজু কোভিডৰ পৰিৱেশৰ বাবে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 03, 2022, 13:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।