অসমীয়া মাধ্যমৰ বিদ্যালয়ত হিন্দীভাষী শিক্ষক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথত ৷ বিশ্বনাথৰ বাংকামাৰী প্ৰাথমিক বিদ্যালয়ত শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ব্ৰজমোহন চৌবে নামৰ যুৱকজনে ৷ পূৰ্বৰে পৰা এজনীয়া শিক্ষকৰে চলি থকা
বিদ্যালয়খনত নতুন শিক্ষকৰ নিযুক্তিৰ খবৰ লাভ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকসকলো উৎফুল্লিত হৈ পৰিছিল যদিও অসমীয়া মাধ্যমৰ বিদ্যালয়ত পাঠদান কৰিবলৈ অহা শিক্ষকগৰাকীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল এতিয়া পৰিছে যথেষ্ট অসুবিধাত ৷ কাৰন হিন্দী মাধ্যমত শিক্ষা গ্ৰহণ কৰা শিক্ষক গৰাকীয়ে নাজানে অসমীয়া ভাষা ৷ ভালকৈ বুজিও নাপায় অসমীয়া ৷ সেয়েহে হিন্দী ভাষাতে ভাঙনি কৰি ছাত্ৰ ছাত্ৰীক বুজাব লগীয়া হৈছে শিক্ষক গৰাকীয়ে ৷ যাৰ বাবে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলৰো হৈছে যথেষ্ট অসুবিধা ৷
উল্লেখ্য যে ২৬ গৰাকী ছাত্ৰ ছাত্ৰী থকা বাংকামাৰী প্ৰাথমিক বিদ্যালয়খন গৰাখহনীয়াত জাহ যোৱাত মথাউৰিৰ ওপৰতে অস্থায়ীভাৱে নিৰ্মাণ কৰি পাঠদান চলাই থকা হৈছে ৷ আনহাতে হিন্দী শিক্ষকৰ পদৰ বাবে ২০১৯ চনতে আবেদন জনাইছিল চি টেট উত্তীৰ্ণ ব্ৰজমোহন চৌবে নামৰ যুৱকজনে ৷ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি আদালতৰ দাৰস্থ হৈছিল যুৱকজন ৷ অৱশেষত আদালতৰ নিৰ্দেশ মৰ্মে শিক্ষকজনক চৰকাৰে নিযুক্তি প্ৰদান কৰিলে যদিও হিন্দী মাধ্যমৰ বিদ্যালয়ৰ বাবে আবেদন জনোৱা শিক্ষক গৰাকীক কিয় অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ল তাক লৈ এতিয়া প্ৰশ্ন উঠিছে ৷
ইফালে সমগ্ৰ অসমতে বহি: ৰাজ্যৰ পৰা অহা ছয় গৰাকী হিন্দীভাষী যুৱকক চৰকাৰে নিযুক্তি প্ৰদান কৰিছে বুলি শিক্ষক গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ পাঠদান কৰোতে মাধ্যমৰ প্ৰভেদ হোৱাৰ পৰিপেক্ষিতত অসুবিধা লাভ কৰা শিক্ষক গৰাকীয়ে শিঘ্ৰেই হিন্দী মাধ্যমৰ বিদ্যালয়লৈ বদলি কৰি নিবলৈ শিক্ষামন্ত্ৰীলৈ আহ্বান জনাইছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|