মুখ্যপৃষ্ঠা »খবৰ »অসম »Haflong Jail : হাফলঙৰ জে'লত মৃত্যুমুখত পৰিল উত্তৰ প্ৰদেশৰ কয়দী, জে'ল কৰ্তৃপক্ষক লৈ অভিযোগ

Haflong Jail : হাফলঙৰ জে'লত মৃত্যুমুখত পৰিল উত্তৰ প্ৰদেশৰ কয়দী, জে'ল কৰ্তৃপক্ষক লৈ অভিযোগ

অভিযোগ অনুসৰি, ৰাজুৰ স্বাস্থ্যৰ অৱনতি হৈছিল, কিন্তু জে'ল কৰ্তৃপক্ষই তেনে গুৰুত্ব দিয়া নাছিল।

অভিযোগ অনুসৰি, ৰাজুৰ স্বাস্থ্যৰ অৱনতি হৈছিল, কিন্তু জে'ল কৰ্তৃপক্ষই তেনে গুৰুত্ব দিয়া নাছিল।

  • Share this:

আকৌ বিতৰ্কত হাফলং জে'ল। ইয়াৰ আগতে এই জে'লৰ পৰা একাধিকবাৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্যই পলায়ন কৰি সংবাদ শিৰোনাম দখল কৰিছিল। কিন্তু এইবাৰ এগৰাকী কয়দীৰ মৃত্যুত আকৌ বিতৰ্কত হাফলঙৰ এই জে'ল। উত্তৰ প্ৰদেশৰ ৰাজু নামৰ ৪৫ বছৰীয়া এগৰাকী গাড়ীচালকৰ মৃত্যুৱে পাহাৰীয়া জিলাত জে'ল কৰ্তৃপক্ষৰ ভূমিকাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।


যোৱা সোমবাৰে নিশা মৃত্যু হৈছিল ৰাজুৰ (Uttar Pradesh prisoner dies in Haflong jail)। আজি ৰাজুৰ মৰণোত্তৰ পৰীক্ষা হাফলং চিভিল হাস্পতালৰ সলনি ডিফু মেডিকেল কলেজ হাস্পতালত কৰা হয়। অভিযোগ অনুসৰি, ৰাজুৰ স্বাস্থ্যৰ অৱনতি হৈছিল। কিন্তু জে'ল কৰ্তৃপক্ষই তেনে গুৰুত্ব দিয়া নাছিল।


আনহাতে হাফলং জে'লত কোনো চিকিৎসক নাই, যাৰ বাবে বুজ লোৱা নহয় কয়দীসকলৰ স্বাস্থ্যৰ। তেনে ক্ষেত্ৰত ৰাজুৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে।


আনহাতে হাফলং চিভিল হাস্পতালৰ অধ্যক্ষ ড০ অজিত কাকতিৰ ভাষ্য অনুসৰি সোমবাৰে নিশা যেতিয়া  হাস্পতালখনলৈ ৰাজুক অনা হৈছিল তেতিয়া মৃত অৱস্থাত আছিল। গতিকে কোনো চিকিৎসা হাস্পতালখনত কৰা হোৱা নাছিল।

শেহতীয়া বাতৰি