ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় সাহসিকতা পুৰস্কাৰ গ্ৰহণ কৰি স্বগৃহলৈ উভতিল মিছামাৰীৰ কিশোৰ উত্তম তাঁতী। ৰাষ্ট্ৰীয় সাহসিকতা বঁটাপ্ৰাপ্ত উত্তম তাঁতীক ৰাজ্যৰ বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়। উত্তম তাঁতীয়ে মাত্ৰ ১১ বছৰ বয়সত ভৰা নৈত জাঁপ দি মাতৃসহ কণমানিৰ প্ৰাণৰক্ষা কৰিছিল।
উল্লেখ্য যে, ২০১৯ চনৰ ৭ জুলাইত বানপানীৰ সময়ত ভৰা নৈত জাঁপ দি উটি যোৱা মাতৃসহ এটি কনমানি কন্যা শিশুক জীৱন্তে উদ্ধাৰ কৰা উত্তম তাঁতীক ৰাষ্ট্ৰীয় সাহসিকতা পুৰস্কাক আগবঢ়োৱা হয়। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শোণিতপুৰৰ মিছামাৰীৰ উত্তম তাঁতীক ৰাষ্ট্ৰীয় সাহসিকতা পুৰস্কাৰ প্ৰদান কৰে। ভৰা নৈত জাপ দি মাতৃ-কন্যাক জীৱন্তে উদ্ধাৰ কৰাৰ সময়ত মাত্ৰ ১১ বছৰৰ বয়সৰ উত্তৰ তাঁতী দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় সাহসিকতা বঁটা গ্ৰহণ কৰি আজি পুৱা দিল্লীৰ পৰা মিছামাৰীত উপস্থিত হয়। উত্তম তাঁতীক ৰাজ্যৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনোৱাৰ লগতে এক শোভাযাত্ৰা উলিয়ায়। ৰাজ্যৰ লগতে শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনা উত্তম তাঁতীয়ে এই বটাঁ লাভ কৰাত মিছামাৰীৰ দল সংগঠন উৎফুল্লিত হৈ পৰিছে।
মন কৰিবলগীয়া যে, বৰ্তমান উত্তম তাঁতীৰ বয়স ১৪ বছৰ। অতিকৈ দৰিদ্ৰ পৰিয়ালৰ কিশোৰজনৰ শিক্ষাৰ লগতে গাওঁখনৰ উন্নয়নৰ বাবে চৰকাৰ তথা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি এতিয়া সকলোৱে কামনা কৰিছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 29, 2023, 14:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।