চিকিৎসা কৰ্মীয়ে ব্যৱহাৰ কৰা পি পি ই কিট ৰে'ল আলিত কোনে দলিয়ালে? 

News18 Assam | News18-Assam
Updated:May 24, 2020, 10:58 PM IST
চিকিৎসা কৰ্মীয়ে ব্যৱহাৰ কৰা পি পি ই কিট ৰে'ল আলিত কোনে দলিয়ালে? 
মৰিয়নী নগৰৰ সমীপৰ ৰে'ল পথৰ কাষতো ৰে'লৰ যাত্ৰীসকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।

মৰিয়নী নগৰৰ সমীপৰ ৰে'ল পথৰ কাষতো ৰে'লৰ যাত্ৰীসকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।

  • Share this:
কোৰোণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ–সচেতনতাই একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বজ্ঞানহীণ কৰ্মৰ বাবে বৰ্তমান এই ভাইৰাছে অসমৰ গ্ৰামাঞ্চললৈও বিপদ মতাৰ আশংকাই দেখা দিছে। যি সময়ত বহিঃৰাজ্যৰ পৰা ৰে'লযোগে অহা যাত্ৰীসকলৰ মাজত এজনৰ পিছত এজনকৈ লোক কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে, তেনে সময়তে দিল্লী-ডিব্ৰুগড় অভিমুখী বিশেষ ৰে'লৰ পৰা ৰে'লপথৰ কাষত চিকিৎসা কৰ্মীয়ে ব্যৱহাৰ কৰা PPE কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা নকচাৰী লাহিং বাওতলী গাঁৱৰ সমীপৰ ৰে’লআলিৰ কাষত দিল্লী-ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপেছৰ পৰা পুৱা ৰে'ল আলিৰ কাষৰ কেইবাটাও স্থানত পেলাই থৈ যায় ব্যৱহৃত PPE কিট, পলিথিনৰ বেগ, টুপি আৰু মাস্ক। ৰে'লৰ পৰা পেলাই থৈ যোৱা PPE কিটসমূহত কোৰোণা ভাইৰাছ লাগি থকাৰ আশংকাত আতংকিত হৈ পৰিছে স্থানীয় গঞা ৰাইজ।

অন্যহাতে, মৰিয়নী নগৰৰ সমীপৰ ৰে'ল পথৰ কাষতো ৰে'লৰ যাত্ৰীসকলে ব্যৱহাৰ কৰা চাহ খোৱা কাপ আৰু ভাতৰ থালি পেলাই থৈ যোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। স্থানীয় ৰাইজে ৰে'ল বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এই বিষয়ে স্থানীয় ৰাইজে ৰে'ল বিভাগৰ লগতে স্থানীয় আৰক্ষীক অভিযোগ দিয়াত ৰে'ল আৰক্ষী উপস্থিত হৈ PPE কিটসমূহ জ্বলাই দিয়ে।
First published: May 24, 2020, 10:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি