পুনৰ উদ্ধাৰ হৈছে ব্যৱহৃত পি পি কীট, এইবাৰ গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ সমীপত

News18 Assam | News18-Assam
Updated:May 23, 2020, 1:59 PM IST
পুনৰ উদ্ধাৰ হৈছে ব্যৱহৃত পি পি কীট, এইবাৰ গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ সমীপত
সৰ্বত্ৰ অব্যাহত আছে কোৰোণাৰ তাণ্ডৱ

সৰ্বত্ৰ অব্যাহত আছে কোৰোণাৰ তাণ্ডৱ

  • Share this:
সৰ্বত্ৰ অব্যাহত আছে কোৰোণাৰ তাণ্ডৱ। অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। তাৰ মাজতে ব্যৱহৃত পি পি কীট উদ্ধাৰৰ বাতৰিয়ে আতংকিত কৰি তুলিছে গুৱাহাটী মহানগৰবাসীক। এইবাৰ ব্যৱহৃত পি পি কীট উদ্ধাৰ হৈছে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰবিদ্যানগৰ ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত।

কোনোৱে নিশাৰ ভাগত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অতি ব্যস্ততাপূৰ্ণ এলেকাটোত ব্যৱহৃত পি পি ই পৰি থকা দেখি আতংকিত হৈ পৰিছে অঞ্চলবাসী। দুৰ্বৃত্তই পি পি ই কীটৰ লগতে কিছু চিকিৎসাজনিত সামগ্ৰীও পেলাই গৈছে অঞ্চলটোত। এতিয়া বিভাগীয় কৰ্তৃপক্ষক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাইছে ৰাইজে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading