মুখ্যপৃষ্ঠা »খবৰ »অসম »পাকিস্তানৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ নলয় আমেৰিকাই

পাকিস্তানৰ বিৰুদ্ধে কোনো কঠোৰ পদক্ষেপ নলয় আমেৰিকাই

কোনো কাৰণতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে আমেৰিকা যুক্তৰাষ্ট্ৰই, এইক্ষেত্ৰত কৌশলগত স্থিতিহে গ্ৰহণ কৰিব : পৰেশ বৰুৱা

কোনো কাৰণতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে আমেৰিকা যুক্তৰাষ্ট্ৰই, এইক্ষেত্ৰত কৌশলগত স্থিতিহে গ্ৰহণ কৰিব : পৰেশ বৰুৱা

  • Share this:
    কোনো কাৰণতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ এইক্ষেত্ৰত কৌশলগত স্থিতিহে গ্ৰহণ কৰিব আমেৰিকাই ৷ এই সম্ভাৱনীয়তা প্ৰকাশ কৰিছে পশ্চিম দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ বেছি চৰ্চিত তথা ভাৰত চৰকাৰৰ বাবে মূৰৰ কামোৰণি স্বৰূপ পৰেশ বৰুৱাই ৷

    News18ৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ তথা সংগঠনৰ উপ-সভাপতি পৰেশ বৰুৱাই ক'লে, "দোহাত সম্প্ৰতি এক বিশেষ আলোচনা চলি আছে ৷ পাকিস্তানৰ মধ্যস্থতাত আৰম্ভ হোৱা এই শান্তি আলোচনা কোনো কাৰণে ব্যাঘাত হ'বলৈ নিদিয়ে আমেৰিকাই ৷"

    বিগত ১৪ ফেব্ৰুৱাৰীৰ পুলৱামা আক্ৰমণ আৰু জইছ -ই-মহম্মদৰ দায়িত্ব স্বীকাৰৰ পিছৰ পৰা আৰম্ভ হোৱা ভাৰত-পাকিস্তানৰ সংঘাত এতিয়া তুংগত ৷ প্ৰতিশোধকল্পে ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ুসেনাই পাক অধিকৃত জম্মু-কাশ্মীৰৰ বালাকোটত থকা জইছ-ই-মহম্মদৰ প্ৰধান ঘাটিত আক্ৰমণ কৰে ৷ যাক লৈ এতিয়া সমগ্ৰ বিশ্বই চিন্তিত ৷ গৰিষ্ঠসংখ্যক দেশেই পৰমাণু শক্তিৰে শক্তিমান ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হোৱাতো কামনা কৰা নাই৷ সকলোৱে সংঘাত মৰিষণৰ বাবে দিহা-পৰামৰ্শ দিছে ৷ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিকা সকলোৰে নজৰত ৷ পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পৰ প্ৰশাসনে ৷

    এনে সন্ধিক্ষণতে ভাৰত চৰকাৰে নিষিদ্ধ কৰা আলফা (স্বাধীন)ৰ মূৰব্বী পৰেশ বৰুৱাৰ দাবী - আমেৰিকাই তেনে কোনো কাম নকৰে, যি পাকিস্তানক বিপদত পেলাব ৷ কিয়নো দোহাত আৰম্ভ হৈছে তালিবানৰ সৈতে আমেৰিকাৰ আলোচনা ৷ এই আলোচনাৰ মুখ্য মধ্যস্থতাকাৰী হৈছে পাকিস্তান ৷

    "দীৰ্ঘদিনীয়া ৰক্তক্ষয়ী সংঘাতৰ পিছত তালিবানৰ সৈতে আৰম্ভ হোৱা এই আলোচনা এতিয়া আমেৰিকাৰ বাবে মুখ্য ৷ বাকী ভাৰতক শান্তনা দিবলৈ দুই-এক বিবৃত্তি আমেৰিকাই দিব মাথো ৷" - পৰেশ বৰুৱা ৷

    শেহতীয়া বাতৰি