মুখ্যপৃষ্ঠা »খবৰ »অসম »DGPৰ সাক্ষাৎ লাভ কৰিলে ঊৰ্বশী মৰাণে, ডিজিপিৰে এঘণ্টাজোৰা আলোচনাত ঊৰ্বশীয়ে ৰাখিলে তিনিটা চৰ্ত

DGPৰ সাক্ষাৎ লাভ কৰিলে ঊৰ্বশী মৰাণে, ডিজিপিৰে এঘণ্টাজোৰা আলোচনাত ঊৰ্বশীয়ে ৰাখিলে তিনিটা চৰ্ত

ডিজিপিগৰাকীয়েও তিনিওটা চৰ্তই গুৰুত্বসহকাৰে লৈ ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে ঊৰ্বশীক৷ ইপিনে ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিদেৰ্শ IGP জিৎমল দলেক।

  • Share this:
চলিত বৰ্ষৰ ছয় জানুৱাৰীত লিডুত কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল বৰা নামৰ লোকজন৷ কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লাখনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত পৰিয়ালটোৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা৷ ২ ফেব্ৰুৱাৰীত কয়লা খনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী ঊৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত৷ কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন। বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল৷

আনকি ঘটনা সন্দৰ্ভত লিডু আৰক্ষী থানাত কেইজনমান ব্যক্তিৰ নাম দি গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী ঊৰ্বশী মৰাণে৷ কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে DGP অথবা কোনো মন্ত্ৰী–বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক৷

আৰক্ষীৰ পৰা সহায় বিচাৰি বিমুখ হোৱা প্ৰাঞ্জলৰ পত্নীক অৱশেষত শনিবাৰে DGPয়ে মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়ায়৷ প্ৰায় এঘণ্টা ধৰি ডিজিপিৰে হোৱা আলোচনাত ৩টাকৈ চৰ্ত ৰাখে প্ৰাঞ্জলৰ পত্নীয়ে৷ প্ৰথম চৰ্ত মৃতদেহ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা। দ্বিতীয় চৰ্ত যিসকল লোক জড়িত সকলোকে তদন্তৰ আওতালৈ অনা আৰু তৃতীয়তে ঊৰ্বশী মৰাণক সংস্থাপন আৰু ক্ষতিপূৰণ দিয়া।

ডিজিপিগৰাকীয়েও তিনিওটা চৰ্তই গুৰুত্বসহকাৰে লৈ ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে ঊৰ্বশীক৷ ইপিনে ৭ এপ্ৰিলৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিদেৰ্শ IGP জিৎমল দলেক। DGP গৰাকীৰ সঁহাৰি পাই কিছু পৰিমাণে হ’লেও সকাহ পাইছে প্ৰাঞ্জলৰ পত্নীয়ে৷ আশা কৰা হৈছে ৭ এপ্ৰিলৰ ভিতৰত এটা সুফল লাভ কৰিব পৰিয়ালটোৱে৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি